মাজুলী, 28 অক্টোবৰ : হে আল্লা মাজুলী আমাৰ কৰি দিয়া, উজনি অসমত গৰু বেপাৰ কৰাৰ হৃদপিণ্ড হ’ল মাজুলী ৷ মাজুলীত মছজিদ হ’ব, মাজুলীৰ বনগাঁও, আউনীআটী, গঁড়মূৰ, কমলাবাৰী ফুলনিত হ’ব মছজিদ ৷ আজান দিয়াৰ মাইক থাকিব কমলাবাৰী সত্ৰ, আউনীআটি সত্ৰৰ সমীপত, মাজুলীৰ আজান যোৰহাট আৰু লক্ষীমপুৰলৈকে শুনিব লাগিব ৷ এইধৰণৰ কথাবোৰৰে আলোচনা চলিছে ভিজন মাজুলী নামৰ এটা হোৱাটচআপ গ্ৰুপত (Vision Majuli whatsapp group)৷
৭৮৯৬৮২০৬৯৯, আশ্ৰাফুল আমিন নামধাৰী এজনৰ ফোন নম্বৰৰ পৰা ভইছ মেছেজ ভিজন মাজুলী গ্ৰুপত এৰা পৰিলক্ষিত হৈছে ৷ আটাইটকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই গ্ৰুপত কেবিনেট পৰ্যায়ৰ মন্ত্ৰী বিমল বৰা, সাংসদ প্ৰদান বৰুৱা(MP Pradan Baruah), কামাখ্যা প্ৰসাদ তাছাকে(Kamakhya Prasad Tasa) ধৰি মাজুলী জিলা বিজেপিৰ প্ৰাক্তন সভাপতি তথা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দীপক গোস্বামী, মাধৱ দেউৰীকে প্ৰমুখ্য কৰি মাজুলীৰ বাঘা বাঘা বিজেপিৰ নেতা থকা এই গ্ৰুপটোত এনেধৰনৰ মেছেজ দিয়া কোন এইজন আশ্ৰাফুল আমিন ?
কাৰ সাহসত এইজন লোকে মাজুলীত মছজিদ পতাৰ ষড়যন্ত্ৰ কৰিছে ? মাজুলীত আজি কিছুদিনৰ পূৰ্বে এক সভাত অংশগ্ৰহণৰ বাবে আহিছিল ইছমাইল হুছেইন (Writer Ismail Hussain)৷ বৃহস্পতিবাৰে নিশা গ্ৰুপটোত আলোচনা হোৱা সময়ত ইছমাইল হুছেইনে মাজুলীৰ সত্ৰৰ গুৰু আসনৰ সন্মুখত ৰৈ ফটো তোলাৰ দৃশ্যও ভাইৰেল কৰি মাজুলীৰ সত্ৰসমূহক লৈ কটু মন্তব্য কৰিছিল এইসকলে ৷