মাজুলী, 25 মাৰ্চ :আজিৰ দিনত মানুহৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱা মুখ্য কাৰকটোৱেই হৈছে পৰিৱেশ সম্পৰ্কীয় সমস্যা ৷ উন্নতিৰ জখলাত আগুৱাই গৈ থকা মানুহৰ কাম-কাজে পৃথিৱীখনক ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ৷ সামগ্ৰিকভাৱে চাবলৈ গ’লে সময়ৰ লগে লগে চাৰিওফালে আগুৱাই যোৱা পৰিলক্ষিত হয় যদিও অলপ গূঢ়াৰ্থলৈ চালে অনুমান কৰিব পাৰি যে আমি পৰিৱেশৰ কিমান ক্ষতি কৰিছো ৷
একবিংশ শতিকাৰ জলন্ত সমস্যাৰ অন্যতম হৈছে জলবায়ু পৰিৱৰ্তন । সাম্প্ৰতিক সময়ত প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকৰ প্ৰভাৱত অভাৱনীয় হাৰত জলবায়ু পৰিৱৰ্তন হৈছে । এনে এক স্পৰ্শকাতৰ সমস্যা দূৰ কৰিবৰ বাবে বিশ্বজোৰা প্ৰয়াসৰ অংশ হিচাপে অসম চৰকাৰেও বিভিন্ন আঁচনি হাতত লৈছে (environment education programme) ।
অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে জলবায়ু পৰিৱৰ্তনৰ সমস্যাক গুৰুত্ব সহকাৰে লৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আস্থানত আৰম্ভ হোৱা LiFE(পৰিৱেশৰ বাবে জীৱনশৈলী) অভিযানৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পৰা "এটা সপ্তাহ পৰিৱেশৰ বাবে" শীৰ্ষক সপ্তাহযোৰা কাৰ্যসূচী আৰম্ভ হৈছে (environmental programme by LiFE in Majuli) ।