অসম

assam

ETV Bharat / state

উত্তৰ কমলাবাৰী সত্ৰৰ ১৯ সংখ্যক সত্ৰাধিকাৰ তিৰোভাব তিথি পালন

সত্ৰাধিকাৰ শ্ৰীশ্ৰী কমলাকান্ত দেৱ গোস্বামীৰ ২১ সংখ্যক পবিত্ৰ তিৰোভাৱ তিথি সত্ৰখনে পালন কৰিছে এইবেলি । প্ৰয়াত সত্ৰাধিকাৰ কমলাকান্ত দেৱ গোস্বামীৰ ১৯ সংখ্যক তিৰোভাৱ তিথিৰ উপলক্ষে শুকুৰবাৰে দিনযোৰা নাম প্ৰসংগ, সত্ৰীয়া নৃত্য গীত বাদ্য পৰিৱেশনৰে এক বর্ণাঢ্য কাৰ্যসূচী ৰূপায়ন কৰে সত্ৰখনিত ।

By

Published : Sep 3, 2021, 10:19 PM IST

উত্তৰ কমলাবাৰী সত্ৰৰ ১৯ সংখ্যক সত্ৰাধিকাৰ তিৰোভাব তিথি পালন
উত্তৰ কমলাবাৰী সত্ৰৰ ১৯ সংখ্যক সত্ৰাধিকাৰ তিৰোভাব তিথি পালন

মাজুলী,3 ছেপ্তেম্বৰ:মাজুলীত ১৬৭৩ খীষ্ট্ৰাব্দত মাধৱদেৱৰ প্ৰিয় শিষ্য বদলা পদ্ম আতাই প্ৰতিষ্ঠা কৰিছিল ঐতিহাসিক শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ । বৰ্তমানলৈকে সত্ৰখনিত ২০ গৰাকীকৈ সত্ৰাধিকাৰে সত্ৰাধিকাৰ আসন অলংকৃত কৰিছে । ঐতিহাসিক সত্ৰ খনিৰ ১৯ সংখ্যক সত্ৰাধিকাৰ (সতৰীয়া) শ্ৰীশ্ৰী কমলাকান্ত দেৱ গোস্বামী প্ৰভূৰ আজি অৰ্থ্যাৎ শুকুৰবাৰে তিৰোভাৱ তিথি ।

সত্ৰাধিকাৰ শ্ৰীশ্ৰী কমলাকান্ত দেৱ গোস্বামীৰ ২১ সংখ্যক পবিত্ৰ তিৰোভাৱ তিথি সত্ৰখনে পালন কৰিছে এইবেলি । প্ৰয়াত সত্ৰাধিকাৰ কমলাকান্ত দেৱ গোস্বামীৰ ১৯ সংখ্যক তিৰোভাৱ তিথিৰ উপলক্ষে শুকুৰবাৰে দিনযোৰা নাম প্ৰসংগ, সত্ৰীয়া নৃত্য গীত বাদ্য পৰিৱেশনৰে এক বর্ণাঢ্য কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

উত্তৰ কমলাবাৰী সত্ৰৰ ১৯ সংখ্যক সত্ৰাধিকাৰ তিৰোভাব তিথি পালন

কাৰ্যসূচী অনুসৰি পুৱা পুৱা গীত, নাম প্ৰসংগ, গায়ন বায়ন, বিহাৰ নৃত্য, কীত্তনীয়া, ওজাপালি, চালি নৃত্য আদি পৰিবেশন কৰা দেখা যায় । একেদৰে সত্ৰাধিকাৰ গৰাকীৰ শিষ্য প্ৰশিষ্য সকল আহি সত্ৰৰ নাম প্ৰসংগৰ অন্তত বন্তি দণ্ড খৰছা আগবঢ়াই সেৱা গ্ৰহণ কৰে । আধ্যাত্মিক, পৰমাৰ্থিক আৰু ধৰ্মীয় দৰ্শন সকলো দিশতে নৱপ্ৰজন্মক সৎ মানুহৰ দিক দৰ্শন দেখুৱাই আহিছিল সত্ৰাধিকাৰ গৰাকীয়ে ।

শ্ৰীশ্ৰী কমলাকান্ত দেৱ গোস্বামীৰ লক্ষ্যাধিক শিষ্য প্ৰশিষ্য আছে সমগ্ৰ অসমত । সকলোৱে আজিৰ এই পবিত্ৰ তিথিত শ্ৰদ্ধাৰে সোঁৱৰিছে সত্ৰাধিকাৰ গৰাকীক । উল্লেখযোগ্য যে, সত্ৰীয়া সংস্কৃতিক অধিক গতিশীল কৰি নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ কৰাৰ প্ৰসাৰ কৰিছিল এইজনা সত্ৰাধিকাৰে ।

লগতে পঢ়কঃৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন অভিৰুচি ক্ৰীড়া দিৱস

ABOUT THE AUTHOR

...view details