মাজুলী, 2 জুন :বৃহস্পতিবাৰে পুৱাই মাজুলীত উপস্থিত হয় SI জোনমণি ৰাভা (SI Junmoni Rabha at Nagaon police station) । মাজুলীত উপস্থিত হৈয়ে মাতৃ সৈতে গড়মূৰ থানাত হাজিৰ হয় জোনমণি ৰাভা । গড়মূৰ থানাই আজি সোধাপোচাৰ বাবে তলব কৰিছিল জোনমণি ৰাভাক ।
অজিত বৰা, ৰাম অৱতাৰ শৰ্মা আৰু ৰঞ্জন কুটুমে দিয়া গোচৰসমূহত নাম সাঙোৰ খাই আছিল SI ৰাভা নাম । মাজুলীত কৰ্মৰত হৈ থকা অৱস্থা ৰাভাই ৰাণা পগাগ সৈতে মিলি প্ৰৱঞ্ছনা কৰাৰ অভিযোগ তুলিছিল ভুক্তভোগীকেইগৰাকীয়ে । ভুক্তভোগী অজিত বৰাই দিয়া এজাহাৰৰ ১নং পাদকীয়া আছিল SI জোনমণি ৰাভা(SI Junmoni Rabha controversy) ।