মাজুলী, 20 জুন : ৰাজ্যজুৰি অব্যাহত আছে বানৰ সংহাৰ (Assam flood 2022)৷ মাজুলীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাত যোৱা 19 মে'ৰ পৰা নিমাতীৰ পৰা মাজুলীৰ ফেৰীসেৱা বন্ধ কৰি দিয়া হৈছিল (Ferry service suspend in Majuli) ৷ ইয়াৰ পাছতে মাজুলীবাসীৰ সুৰক্ষাৰ স্বাৰ্থত জিলাখনত দেওবাৰৰ পৰা 144 ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে (Section 144 implemented in Majuli) ৷
মাজুলীৰ জিলা উপায়ুক্ত পুলক মহন্তই (Majuli DC Pulak Mahanta) দেওবাৰে সংবাদমাধ্যমক জনায় যে, মাজুলীত প্ৰতি তিনিমাহৰ মূৰে মূৰে 144 ধাৰা জাৰি কৰা হয় ৷ জিলাখনত কোনো কাৰণতে চাৰিজন বা তাতোকৈ অধিক লোক সমবেত হৈ সভা অনুষ্ঠিত কৰিব নোৱাৰিব ৷ জিলা প্ৰশাসনৰ অনুমোদন সাপেক্ষেহে অনুষ্ঠিত কৰিব পাৰিব সভা ৷
কোনো ধৰণৰ প্ৰচাৰ পত্ৰিকা / বেনাৰ / পোষ্টাৰ বিতৰণ কৰাত নিষেধাজ্ঞা জাৰি কৰে জিলা প্ৰশাসনে। ইয়াৰোপৰি বানৰ কবলত পৰি ৰাজ্যৰ বহু শিশুৱে ইতিমধ্যে প্ৰাণ হেৰুৱাৰ পৰিপ্ৰেক্ষিতত মাজুলী জিলা প্ৰশাসনে নদীৰ কাষলৈ যাতে কোনো শিশু যাব নোৱাৰে তাৰ ওপৰতো চকু ৰাখিবলৈ নিৰ্দেশনা দিয়ে ৷ লগতে জিলাখনৰ মথাউৰিসমূহ 24 ঘণ্টাই নিৰীক্ষণ কৰিবলৈ এক বিশেষ দল মোতায়েন কৰা বুলি মাজুলীৰ উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷