অসম

assam

ETV Bharat / state

Workshop in Majuli : মাজুলীত বিজ্ঞানভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা - অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা

অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্বাৱধানত বিজ্ঞানভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা । 17 জুলাইৰ পৰা 21 জুলাইলৈ অনুষ্ঠিত কৰা হৈছে এই কৰ্মশালাৰ ।

Science based summer workshops in Majuli
মাজুলীত বিজ্ঞানভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা

By

Published : Jul 21, 2023, 9:46 AM IST

মাজুলীত বিজ্ঞানভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা

মাজুলী, 21 জুলাই : অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্বাৱধানত সমগ্ৰ অসমৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰসমূহৰ জৰিয়তে 17 জুলাইৰ পৰা 21 জুলাইলৈ গ্ৰহণ কৰা হৈছে চামাৰ কেম্প তথা গ্ৰীষ্মকালীন কৰ্মশালা । মাজুলী জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই উজনি মাজুলী আৰু মাজুলী খণ্ড আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা 17 জুলাইত শংকৰদেৱ শিশু নিকেতন ৰতনপুৰ গায়ন আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ উজনি মাজুলীৰ মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আৰম্ভ কৰে এই শিবিৰৰ ৷ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা বিজ্ঞানভিত্তিক কৰ্মশালাখনিত গণিত শিক্ষক সমীৰ মহন্তই গণিত কৰাৰ সহজ উপায় দেখুৱাই অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক উপকৃত কৰে ।

নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক অতুল কলিতাইও গণিত বিষয়টি কেনেকৈ ভাল পাব পাৰি উক্ত সন্দৰ্ভত বক্তব্য ৰাখে । দ্বিতীয় দিনা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ উজনি মাজুলীৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই শিক্ষাৰ্থীসকলক মোবাইল ফোন আৰু দূৰদৰ্শনৰ সৈতে অধিক সময় কটালে যে নিজৰ বহু ক্ষতি হয় সেই সন্দৰ্ভত বহল ব্যাখ্যা ডাঙি ধৰাৰ লগতে বিজ্ঞান শিক্ষক সুনীল বৰাই বিজ্ঞানৰ বহুতো যন্ত্ৰ-পাতিৰ সহায়ত হাতে-কামে বিজ্ঞান চৰ্চা কৰোৱায় শিক্ষাৰ্থীসকলক । চিত্ৰকৰ উৎপল কলিতাই সুন্দৰ হাতৰ আখৰৰ ওপৰত ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ আগবঢ়ায় ।

19 জুলাইত মেখেলি গাঁও জনতা উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞানৰ সমল শিক্ষক লোহিত শইকীয়াই বিজ্ঞানৰ বিভিন্ন দিশৰ ওপৰত বক্তৃতা প্ৰদান কৰি শিক্ষাৰ্থীক উপকৃত কৰে । বৃহস্পতিবাৰ অৰ্থাৎ 20 জুলাইত দৃশ্য-শ্ৰৱ্য মাধ্যমৰ জৰিয়তে বিজ্ঞানৰ সমল শিক্ষক প্ৰাণজিত শইকীয়াই 'আমাৰ সৌৰজগত' শীৰ্ষক বিষয়ৰ ওপৰত দিনজোৰা কৰ্মশালা কৰে ৷

মাজুলী খণ্ডৰ সমন্বয়ক বিকাশ বৰা আৰু উজনি মাজুলী খণ্ডৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই গ্ৰীষ্মকালীন শিবিৰটোত অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হোৱা বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Constituency Delimitation 2023 : ৰাজনৈতিকভাৱে আছুৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই; বিধায়ক বিনোদ হাজৰিকা

ABOUT THE AUTHOR

...view details