অসম

assam

By

Published : Nov 4, 2020, 6:10 PM IST

ETV Bharat / state

বিদ্যালয় বন্ধৰ নিৰ্দেশক লৈ মাজুলীত শিক্ষাৰ্থীৰ হাহাকাৰ

স্বয়ং মুখ্য়মন্ত্ৰীৰ সমষ্টি মাজুলীত শিক্ষা বিভাগে শিক্ষাদানৰ নামত আভুৱা ভাৰিছে ছাত্ৰ-ছাত্ৰীক। মধ্য আহঁতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত বিগত ১০ বছৰ ধৰি মাত্ৰ ২ গৰাকী শিক্ষকে কৰিছে পাঠদান। বিজ্ঞান, অংক আৰু হিন্দী বিষয় শিকোৱাৰ বাবে নাই শিক্ষক। বিদ্যালয় বন্ধৰ নিৰ্দেশ শিক্ষা বিভাগৰ। সন্তানৰ অনাকাংক্ষিত ভৱিষ্যতক লৈ চিন্তিত অভিভাৱক।

মাজুলীত ১০ বছৰে ২ গৰাকী শিক্ষকে চলাইছে বিদ্যালয়
মাজুলীত ১০ বছৰে ২ গৰাকী শিক্ষকে চলাইছে বিদ্যালয়

মাজুলী, ৪ নৱেম্বৰ: শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে ৰাজ্যৰ শিক্ষা বিভাগে। মেট্ৰিকত পৰীক্ষাৰ্থী অনুতীৰ্ণ হোৱাৰ অচিলাৰে শিক্ষা বিভাগে বন্ধ কৰিলে মাজুলীৰ মধ্য আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়। মাজুলীত শিক্ষালাভৰ বাবে বিদ্যালয়লৈ আহি নিৰাশ হ'বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী। নাৰায়ণপুৰ আৰু মাজুলীৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত মধ্য আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত বিগত ১০ বছৰ ধৰি মাত্ৰ দুগৰাকী শিক্ষকে পাঠদান কৰি আহিছিল । ১৯৭৯ চনতে স্থাপিত বিদ্যালয়খনত ১০ বছৰে বিজ্ঞান, অংক আৰু হিন্দী বিষয় শিক্ষক নিযুক্তি দিয়া নাছিল। ইয়াৰ পৰিণতি পৰিস্ফুট হয় উক্ত বিষয়কেইটাত শিক্ষাৰ্থীয়ে লাভ কৰা নম্বৰত। ক্ৰমাৎ তেওঁলোকে এই কেইটা বিষয়ত পোৱা নম্বৰ কমিবলৈ ধৰে।

বহি:জগতৰে বিচ্ছিন্ন অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলৰ ভবিষ্যতৰ কথা চিন্তা কৰি বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে মাজুলী জিলা শিক্ষা বিভাগক বিদ্যালয়খনত উক্ত বিষয়কেইটাৰ শিক্ষক নিযুক্তি দিবলৈ বহুবাৰ আবেদন জনাই আহিছে যদিও কোনো সুফল লাভ নকৰিলে। শেহতীয়াকৈ বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হোৱা আটাইকেইজন শিক্ষাৰ্থী অনুতীৰ্ণ হোৱাৰ অজুহাত দেখুৱাই বিষয় শিক্ষককেইজনক আন বিদ্যালয়লৈ বদলি কৰি এই বিদ্যালয়খন বন্ধ কৰি দিলে শিক্ষা বিভাগে।

বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ বিদ্যালয়খন শিক্ষা বিভাগে হঠাৎ বন্ধ কৰি দিয়াৰ পিছতেই অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত। আন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অধিক চিন্তিত হৈ পৰিছে ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকল। চাৰিওফালে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীয়ে আগুৰি থকা অঞ্চলটোত আছে ১৫ খনৰো অধিক গাঁও।

মাজুলীত ১০ বছৰে ২ গৰাকী শিক্ষকে চলাইছে বিদ্যালয়

এই বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভবিষ্যতৰ কথা চিন্তা নকৰি হঠাৎ এনেদৰে বিদ্যালয় খন বন্ধ কৰি দিয়াত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। শিক্ষা বিভাগে নিজৰ ব্যৰ্থতা ঢাকিবলৈ গৈ এই ধৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। দুৰ্ভগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ভবিষ্যতৰ কথা চিন্তা কৰি শীঘ্ৰে বিদ্যালয়খন পুনৰ উজ্জীৱিত কৰিবলৈ স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কাতৰ আহ্বান জনাইছে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক আৰু অঞ্চলটোৰ ৰাইজে৷

PLEASE CHECK THUMBNAIL IMAGE

লগতে পঢ়ক:বিজেপিৰ পৰা এইবাৰ অধিক আসন বিচাৰিব অগপইঃ অতুল বৰা

ABOUT THE AUTHOR

...view details