মাজুলী, 21 ডিচেম্বৰ: একাধিক দাবীত সত্ৰনগৰীত এইবাৰ প্ৰতিবাদত বহিল সত্ৰাধিকাৰ (Satradhikars protest in Majuli) ৷ মঙলবাৰে বিশ্ব হিন্দু মহাসংঘৰ উদ্যোগত মাজুলী জিলা সদৰ গড়মূৰত ৰূপায়ণ কৰা হয় এক আধ্যাত্মিক প্ৰতিবাদী কাৰ্যসূচী ।
মাজুলীত সাংস্কৃতিক দৃশ্যপট আইনৰ জড়িয়তে গীৰ্জা উচ্ছেদ, সত্ৰাধিকাৰৰ ধৰ্মান্তকৰণ ৰোধ আৰু মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণাৰ দাবীত ভাগৱত পাঠ কৰি ৰূপায়ন কৰা হয় এই অভিনৱ প্ৰতিবাদ ৷ দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ লগতে বিশ্ব হিন্দু মহাসংঘৰ কর্মীসকলে আজি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই আধ্যাত্মিক প্ৰতিবাদৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ যোগেদি এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ।