অসম

assam

ETV Bharat / state

সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্তৰ দেহাৱসান - সংস্কৃত টোল

সোমবাৰে নিশা ৯:৫৪ বজাত বিয়োগ হয় মাজুলী ঐতিহাসিক আদি বিহিমপুৰ সত্ৰৰ সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্তৰ । বাৰ্ধক্যজনিত কাৰণত দেহাৱসান হয় সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্তৰ ।

Satradhikar Rokheswar Mahanta passes away in Majuli
সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্তৰ দেহাবসান

By

Published : Jul 20, 2021, 2:27 PM IST

মাজুলী, 20 জুলাই : মাজুলী ঐতিহাসিক আদি বিহিমপুৰ সত্ৰৰ সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্তৰ দেহাৱসান । ১০১ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান হয় সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্তৰ । তেখেত অকল সত্ৰাধিকাৰেই নাছিল এগৰাকী মুক্তিযুদ্ধাও আছিল ।

সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্তৰ দেহাবসান

উল্লেখ্য যে, প্ৰয়াত ৰোষেশ্বৰ মহন্ত অঞ্চলটোৰ শৈক্ষিক, সামাজিক, ক্ষেত্রখনলৈ বিশেষ বৰঙণি আগবঢ়াইছিল ৷ ধৰ্মপ্ৰাণ সত্ৰাধিকাৰ গৰাকীৰ বিয়োগত মাজুলী জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যতেই শোকৰ ছাঁ পৰে । সোমবাৰে নিশা ৯:৫৪ বজাত বিয়োগ হয় সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্তৰ । গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিৰ লগতে প্ৰচাৰ প্ৰসাৰতো নিজৰ জীৱন উৎসগা কৰিছিল ৷ তেখেতৰ শিষ্য-প্ৰশিষ্যক সকলক দীক্ষা প্ৰদান কৰি জীৱন তৰনৰ পথ দেখুৱাই আহিছিল ।

অকল সেয়াই নহয় বহুকেইখন বিদ্যালয় প্ৰতিষ্ঠাও কৰিছিল প্ৰয়াত ৰোষেশ্বৰ মহন্তই । ১৯৫০ চনত দেওদিয়াটী এম ভি স্কুল,১৯৭২ চনত পতিয়া গাঁৱ শ্ৰীমন্ত শংকৰদেৱ এম ই স্কুল প্ৰতিষ্ঠাপক, ভোগপুৰ সত্ৰৰ সংস্কৃত টোলৰ প্ৰতিষ্ঠাপক, ৬নং ৰাজগুবাৰী প্ৰাথমিক বিদ্যালয় আদি বহু শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি থৈ গৈছে।

১৯২০ চনত জন্মগ্ৰহণ কৰা সত্ৰাধিকাৰ গৰাকীয়ে ওৰেতো জীৱন সত্ৰ মহাসভাৰ অন্যতম এগৰাকী গুৰিধৰোতা আছিল । সত্ৰ মহাসভাৰ কেন্দ্ৰীয় নামঘৰত ৬ বছৰ নামঘৰীয়াৰো দায়িত্ব গ্ৰহন কৰিছিল ৰোষেশ্বৰ মহন্তই ।

লগতে পঢ়ক-পেগাচাছৰ বিষয়ক লৈ উত্তেজিত বিৰোধী কংগ্ৰেছ

ABOUT THE AUTHOR

...view details