মাজুলী, ৩১জুলাই: ৰাজ্য়খনত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে জেহাদীৰ কাৰ্যকলাপ (Jihadi activity increased in Assam)। শেহতীয়াভাৱে অসমত কেইবাজনো লোকক জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই সন্দৰ্ভত মন্তব্য় আগবঢ়াইছে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে (Satradhikar Janardan dev Goswami comment on Jihadi in Assam)। সত্ৰাধিকাৰ দেৱ গোস্বামীয়ে অসম কাশ্মীৰ হোৱাৰ দিশে আগবাঢ়িছে বুলি মন্তব্য় কৰিছে ।
মাজুলীত আয়োজিত এক সংবাদমেলত তেওঁ এইদৰে উল্লেখ কৰি কয় যে, এই ভয়ংকৰ বিষয়টো বহু আগৰ পৰা তেওঁলোকে কৈ আহিছে যদিও কোনেও এই কথাত গুৰুত্ব আৰোপ কৰা নাই । ২০১৫ চনতে তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক স্মাৰক পত্ৰ প্ৰদান কৰি অসমৰ জেহাদী কাৰ্যকলাপ ৰোধ কৰিবলৈ হিন্দু যুৱকৰ বিশেষ বাহিনী তৈয়াৰ কৰিবলৈ হিন্দু যুৱ ছাত্ৰ পৰিষদে আহ্বান জনোৱাৰ পাছত কোনো পদক্ষেপ নোলোৱাত ক্ষোভ উজাৰে সত্ৰধিকাৰগৰাকীয়ে ।
অসমত দিনক দিনে বৃদ্ধি পোৱা এই জেহাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ হিন্দু যুৱকৰ এক বিশেষ বাহিনী তৈয়াৰ কৰিবলৈ আহ্বান জনাইছে সত্ৰধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে ।