অসম

assam

ETV Bharat / state

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ জন্ম তিথি উদযাপন - মাজুলী

জন্ম তিথিত দক্ষিণপাট সত্ৰক ধপাত আৰু প্লাষ্টিকমুক্ত কৰাৰ সংকল্প সত্ৰৰ বৈষ্ণৱসকলৰ

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ জন্ম তিথি উদযাপন

By

Published : Apr 18, 2019, 3:32 AM IST


মাজুলী,18 এপ্ৰিলঃ : সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীৰ এখন ঐতিহাসিক সত্ৰ হল শ্ৰী শ্ৰী দাক্ষিণপাট সত্ৰ । বুধবাৰে দক্ষিণপাট সত্ৰৰ বাকৰিত দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ ৷ কাৰণ, তিনি বহাগৰ দিনটো হৈছে সত্ৰখনৰ বৰ্তমানৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীৰ জন্ম তিথি ৷ সত্ৰৰ চৰা ঘৰত ৰাজকীয় নৃত্য প্ৰদৰ্শন আৰু সন্ধিয়া নাম প্ৰসংগেৰে জন্ম তিথি উদযাপন কৰিলে ভকত-বৈষ্ণৱ সকলে ৷

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ জন্ম তিথি উদযাপন

উল্লেখযোগ্য যে,সত্ৰাধিকাৰ জনৰ জন্ম তিথি উপলক্ষে চৰা ঘৰত দক্ষিণপাট সত্ৰক ধপাত আৰু প্লাষ্টিকমুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰে সত্ৰৰ বৈষ্ণৱসকলৰ ৷

ABOUT THE AUTHOR

...view details