মাজুলী, ২০ ফেব্ৰুৱাৰী:"মানৱ সেৱা কৰিবৰ বাবে যি সুযোগ পাইছো সেয়া জনসাধাৰণে দিয়া বস্তু । সেই কাৰণে চৰকাৰী কোনো পদবীক লৈ কোনেও অহংকাৰ কৰিব নালাগে । পদবী আজি আছে কাইলৈ নাই । " এই মন্তব্য় প্ৰক্তন মুখ্য়মন্ত্ৰী তথা কেন্দ্ৰীয় বন্দৰ পৰিবহণ, জলপথ আৰু আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Union Minister Sarbananda Sonowal in Majuli) । দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি মাজুলীত এইদৰে মন্তব্য় কৰে । মাজুলীৰ গড়মূৰস্থিত বংশীগোপল নাট্য মন্দিৰত আয়োজিত এখন সভাত অংশ গ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য় কৰি পুনৰ কয় যে, সমাজখন সদায় থাকিব । সেয়েহে সমাজখনক সদায় শিৰত ৰাখিব লাগে আৰু ক্ষমতাক সদায় ভৰিৰ তলত ৰাখিব লাগে । তেওঁ পুনৰ কয় যে সমাজখন সদায় শ্ৰেষ্ঠ । সমাজখনক ঈশ্বৰৰ প্ৰতীক ৰূপ বুলি মন্তব্য় কৰি কয় যে ভগবানে কৈছে তেওঁ সকলোৰে হৃদয়ত আছে ।
প্ৰায় এটা বছৰৰ অন্তত শনিবাৰে মাজুলীত উপস্থিত হৈ বন্দৰ, জাহাজ পৰিবহণ, জলপথ আৰু আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে নিৰ্মাণৰত যোৰহাট - মাজুলী সংযোগী দলঙৰ নিৰ্মাণস্থলীও পৰিদৰ্শন কৰে । উল্লেখ্য যে, নিমাটি ঘাটৰ পৰা এখন বিশেষ ফেৰীৰে মাজুলীলৈ যাত্ৰা কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Nimati Ghats)। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অফলামুখ পাৰঘাটত বিজেপি দলৰ নেতা-কৰ্মীসকলে উষ্ম আদৰণি জনাই (Aphlamukh Parghat in Majuli)। মাজুলীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে মাজুলীবাসীৰ সপোন যোৰহাট- মাজুলী সংযোগী দলঙৰ নিৰ্মাণস্থলী ।