মাজুলী, 28 মে' : প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজুলীত আজি তৃতীয়টো দিন । শুকুৰবাৰে মাজুলীৰ বিধায়ক গৰাকীয়ে মাজুলীৰ বিজেপি দলৰ কৰ্মী সকলৰ লগত এখন সভাত মিলিত হোৱাৰ লগতে গড়মূৰ মাজুলী জিলা চিকিৎসালয় আৰু জেংৰাইমূখ ক’ভিড চেন্টাৰত উপস্থিত হৈ ক’ভিড পৰিস্থিতি বুজ লয়।
মাজুলীৰ ক'ভিড পৰিস্থিতি বুজ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজুলীত তৃতীয় দিন । শুকুৰবাৰে মাজুলীৰ বিধায়ক গৰাকীয়ে মাজুলীৰ বিজেপি দলৰ কৰ্মী সকলৰ লগত এখন সভাত মিলিত হোৱাৰ লগতে গড়মূৰ মাজুলী জিলা চিকিৎসালয় আৰু জেংৰাইমূখ কভিড চেন্টাৰত উপস্থিত হৈ কভিড পৰিস্থিতি বুজ লয়।
মাজুলীৰ ক'ভিড পৰিস্থিতি বুজ ল'লে প্ৰাক্তন মু্খ্যমন্ত্ৰী সোণোৱালে
প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে মাজুলীৰ প্রতিগৰাকী ব্যক্তিক ক'ভিডৰ বাবে চৰকাৰে বান্ধি দিয়া মানি চলিবলৈ অনুৰোধ জনায় । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক মাজুলীৰ বিধায়ক হৈ থাকিবনে নে আন কিবা চিন্তা কৰিছে বুলি সাংবাদিকে কৰা প্ৰশ্নত তেওঁ কয় এই বিষয়ে দলে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু দলে যি সিদ্ধান্তই গ্ৰহণ কৰিব সেই সিদ্ধান্তকে দলৰ নিষ্ঠাৱান সদস্য হিচাপে তেওঁ মানি ল’ব বুলি কয় ।