মাজুলী, 25 আগষ্ট :কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচতে বুধবাৰে প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱাল ৷ মাজুলীৰ বংশী গোপাল নাট্য মন্দিৰত উপস্থিত হোৱাৰ পাচতে বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণোৱালক আদৰণী জনাই মাজুলীবাসীয়ে ৷ এই উপলক্ষে আয়োজন কৰা সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ফুলৰ থোপা, গামোচা আৰু শৰাই আদি প্ৰদান সম্বৰ্ধনা জ্ঞাপন কৰে বিজেপি কৰ্মী সকলে ৷
মাজুলী ভ্ৰমণত সৰ্বানন্দ সোণোৱালক সংগ দিয়ে সাংসদ প্ৰদান বৰুৱাৰ লগতে বিধায়ক নৱ দলেয়ে ৷ উক্ত সভাৰ পাচতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যদিও তেওঁ দিল্লীত থাকিব তথাপিও মাজুলীবাসীৰ প্ৰতিটো খবৰ তেওঁ ৰাখিব ৷ মাজুলীৰ বাবে সদায় দ্বায়বদ্ধতাৰে কাম কৰাৰ লগতে মাজুলীৰ উন্নয়নত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব ৷
লগতে পঢ়ক:পুনৰ হাগ্ৰামা মহিলাৰীৰ হাতলৈ যাব পাৰে বড়ো ভূমিৰ শাসনৰ বাঘজৰী !