মাজুলী,21 ফেব্ৰুৱাৰীঃশুকুৰবাৰে দিনৰ 1 বজাত দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাল ৷ দিনৰ ভাগত মাজুলীৰ উপায়ুক্তৰ সভাকক্ষত এখনি সভাত অংশগ্ৰহণ কৰাৰ পিছতেই সন্ধিয়া নীলকণ্ঠ মন্দিৰৰ শিৱৰাত্ৰি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে,নীলকণ্ঠ মন্দিৰৰ পূজা উদযাপন সমিতিয়ে গায়ন বায়নেৰে তেখেতক আদৰি লৈ যায় ৷ সম্পূৰ্ণ আধ্যাত্মিক পোছাক পৰিধান কৰি মুখ্যমন্ত্ৰী সোণোৱালে মন্দিৰত চলি থকা শিৱ যজ্ঞত প্ৰদক্ষিণ কৰি শিৱলিংগত দুগ্ধ অৰ্পণ কৰে ৷ লগতে মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বেই এই মন্দিৰলৈ ভোট গণনাৰ ফলাফলৰ লগতে প্ৰচাৰ অভিযানৰ সময়ত অহি আশীষ লোৱা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰি নষ্টালজিক হৈ পৰে মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সমূহ অসমবাসীলৈ শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
মাজুলীৰ নীলকণ্ঠ মন্দিৰত আশীষ ল’লে মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে - নীলকণ্ঠ মন্দিৰৰ শিৱৰাত্ৰি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাল
নীলকণ্ঠ মন্দিৰৰ শিৱৰাত্ৰি অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালৰ ৷ নীলকণ্ঠ মন্দিৰৰ পূজা উদযাপন সমিতিয়ে গায়ন বায়নেৰে তেখেতক আদৰি লৈ যায় ৷ সম্পূৰ্ণ আধ্যাত্মিক পোছাক পৰিধান কৰি মুখ্যমন্ত্ৰী সোণোৱালে মন্দিৰত চলি থকা শিৱ যজ্ঞত প্ৰদক্ষিণ কৰি শিৱ লিংগত দুগ্ধ অৰ্পণ কৰে ৷

মাজুলীৰ নীলকণ্ঠ মন্দিৰত আশীষ ল’লে মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে
মাজুলীৰ নীলকণ্ঠ মন্দিৰত আশীষ ল’লে মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে