মাজুলী,28 নৱেম্বৰঃমাজুলীলৈ ইখনৰ পাছত সিখন অভিলাসি আঁচনি । শনিবাৰে কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপনৰ বাবে মাজুলিত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মাজুলীৰ মেখেলী গাঁৱত অৱস্থিত আজলী আই থানত আসম দৰ্শন আঁচনিৰ অধীনত প্ৰায় 9 কোটি টকাৰ অনুদানেৰে স্থাপন হ'ব লগা প্ৰথমখন মায়ামৰা সত্ৰৰ আন্তঃগাঠনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ উপৰিও থানখনত বিভিন্ন উন্নয়নমূলক কামৰো শুভ উদ্বোধন কৰাৰ লগতে সাংস্কৃতিক কেন্দ্ৰ গৃহৰ লগতে এ.পি.ডি.চি.এলৰ দ্বাৰা নিৰ্মান হ’বলগীয়া ৫ কিলোৱাটৰ সৌৰশক্তি চালিত বিদ্যুৎ কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷
মাজুলীৰ মায়ামৰা সত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - Majuli Mayamora Stara
শনিবাৰে কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপনৰ বাবে মাজুলিত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ইয়াৰ উপৰিও তেখেতে নামনি মাজুলী কৰতিপাৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু মাজুলী প্ৰশাসনৰ উদ্যোগত বহুমুখী বানপানী আশ্ৰয় শিবিৰৰ আধাৰশিলা অনুষ্ঠানতো অংশগ্ৰহণ কৰে ৷

মাজুলীৰ মায়ামৰা সত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
মাজুলীৰ মায়ামৰা সত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ইয়াৰ পিছতে তেখেতে নামনি মাজুলী কৰতিপাৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু মাজুলী প্ৰশাসনৰ উদ্যোগত বহুমুখী বানপানী আশ্ৰয় শিবিৰৰ আধাৰশিলা অনুষ্ঠানতো অংশগ্ৰহণ কৰে ৷ এই আটাইকেইটা অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা আৰু ৰাজহ মন্ত্ৰী যোগন মহন ৷
লগতে পঢ়ক-নাওবৈচাৰ লালুকত অগপৰ জনজাগৰণ সভা