অসম

assam

ETV Bharat / state

হাজাৰ-হাজাৰ ভক্তৰ সমাগমেৰে বৈকুন্ঠ ধামলৈ পৰিণত মাজুলীৰ বা-ভগা থান - Sankardeva's daughter Ajali aai death anniversary celebration at Majuli

উজনি নামনিৰ বহু ভক্তই মাজুলী মেখেলী অঞ্চলত আজলী আই থানত নিজৰ পৰিয়ালৰ তথা দহৰ মংগলৰ বাবে ঘিউ,বন্তি, ধূপ দ্বীপৰে সেৱা আগবঢ়াই । শংকৰদেৱৰ নুমলীয়া কন্যা আজলী আই অনিৰুদ্ধ দেৱৰ মাতৃ ।

বৈকুন্ঠ ধামলৈ পৰিণত মাজুলীৰ বা-ভগা থান
বৈকুন্ঠ ধামলৈ পৰিণত মাজুলীৰ বা-ভগা থান

By

Published : Jan 19, 2020, 2:33 PM IST

মাজুলী, 19 জানুৱাৰীঃ শংকৰদেৱৰ নুমলীয়া কন্যা আজলী আইৰ মৃত্যু তিথি উপলক্ষে লোকে লোকাৰণ্য হৈ পৰিছে মাজুলীৰ আজলী আইৰ থান ৷ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে মাজুলীৰ আকাশ বতাহ ৷ ভক্তসকলে ভাগৱত পাঠ কৰাৰ লগতে পৰিৱেশন কৰে থিয়নাম ,গায়ন বায়ন আদি ৷ আজলী আয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল মাজুলীত । উক্ত দিনটোক সোঁৱৰি মায়ামৰা সম্প্ৰদায় লোকসকলে বাৰ্ষিক কীৰ্ত্তন আয়োজন কৰে । অসমৰ ১৩ খন জিলাৰ ৫০ হাজাৰৰো অধিক মোৱাৰীয়া ভক্তৰ লগতে হাজাৰ হাজাৰ মাজুলীৰ ভক্তই অংশগ্ৰহন কৰে এই অনুষ্ঠানত।

বৈকুন্ঠ ধামলৈ পৰিণত মাজুলীৰ বা-ভগা থান

উজনি নামনিৰ বহু ভক্তই মাজুলী মেখেলী অঞ্চলত আজলী আই থানত নিজৰ পৰিয়ালৰ তথা দহৰ মংগলৰ বাবে ঘিউ, বন্তি, ধূপ দ্বীপৰে সেৱা আগবঢ়াই । শংকৰদেৱৰ নুমলীয়া কন্যা আজলী আই অনিৰুদ্ধ দেৱৰ মাতৃ । অনিৰুদ্বদেৱ মোৱামৰীয়া সকলৰ আদিগুৰু । জানিব পৰা মতে, মানৰ আক্ৰমণৰ সময়ত আজলী আই মাজুলীত গোপনে বাহৰ পাতি আছিল । পাছত এই স্থানতে শেষ নিশ্বাস ত্যাগ কৰে অনিৰুদ্ধ দেৱৰ মাতৃয়ে ।

ABOUT THE AUTHOR

...view details