অসম

assam

ETV Bharat / state

Ram Vijay drama of Sankardev: ভূপালত প্ৰদৰ্শন ৰাম বিজয় নাটক - Ram Vijay drama performed in Bhopal

মধ্য প্ৰদেশত মঞ্চস্থ হ'ল শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাম বিজয় নাটক (Ram Vijay drama staged in Bhopal)। মাজুলীৰ শিল্পীদলে ভূপালত প্ৰদৰ্শন কৰিলে নাটখন । আন্তঃৰাষ্ট্ৰীয় শ্ৰীৰামলীলা উৎসৱত মঞ্চস্থ নাটখন ।

Ram Vijay drama of Sankardev
ভূপালত প্ৰদৰ্শন ৰাম বিজয় নাটক

By

Published : Oct 20, 2022, 12:58 PM IST

Updated : Oct 20, 2022, 1:12 PM IST

মাজুলী,২০ অক্টোবৰ : মাজুলীৰউত্তৰ কমলাবাৰী সত্ৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ । সীমাৰ পৰিধি ভাঙি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ধাৰা অব্যাহত ৰাখিছেউত্তৰ কমলাবাৰী সত্ৰই (North Kamalabari Satra artist performed drama)। সত্ৰৰ পৰা যোৱা এটা শিল্পীৰ দলে মধ্য প্ৰদেশৰ ভূপালত পৰিৱেশন কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি 'ৰাম বিজয়' নাটক (Ram Vijay drama performed in Bhopal)। ভূপালৰ ৰবীন্দ্ৰ ভৱনত পৰিৱেশন কৰা ৰাম বিজয় নাটক শ শ দৰ্শকে উপভোগ কৰি অভিভূত হৈ পৰে ।

ভূপালত প্ৰদৰ্শন ৰাম বিজয় নাটক

উল্লেখ্য যে ভূপালত মধ্য প্ৰদেশ চৰকাৰ সাংস্কৃতিক বিভাগৰ সহযোগত জনজাতীয় লোক কলা বিকাশ একাডেমীত সাংস্কৃতিক পৰিষদৰ উদ্যোগত ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে 'আন্তঃৰাষ্ট্ৰীয় শ্ৰীৰামলীলা উৎসৱ' (International Shri Ram Leela festival 2022)। উক্ত মহোৎসৱত সুদূৰ থাইলেণ্ড, ইণ্ডোনেছিয়া, আৰৱ, শ্ৰীলংকা, ফিজী, মালেছিয়াৰ লগতে ভাৰতৰ কৰ্ণাটক, ওড়িশা আৰু অসমৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে ।মধ্য প্ৰদেশ চৰকাৰ সাংস্কৃতিক বিভাগৰ আমন্ত্ৰণ মৰ্মে ২২ জনীয়া বৈষ্ণৱ শিল্পী দলেও মহোৎসৱত অংশগ্ৰহণ কৰিছে (Assam artist participate in Ram Leela Festival)।

এই মহোৎসৱত বুধবাৰে গুৰুজনাৰ অমৰ সৃষ্টি গায়ন-বায়ন আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 'ৰাম বিজয়' নাটক পৰিৱেশন কৰে । উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘৰ সম্পাদক তথা সাংবাদিক তীৰ্থ ভূঞা বৰগায়নৰ নেতৃত্বত যোৱা দলটিত আছে ক্ৰমে পৰিচালক ভৱেন বৰবায়ন, সহ-পৰিচালক উপেন বৰগায়ন, জগন্নাথ বৰবায়ন, কৃষ্ণ কুমাৰ বৰবায়ন, কৃষ্ণ ৰাম হাজৰিকা বৰবায়ন, কৃষ্ণ শইকীয়া, ৰঞ্জন হাজৰিকা, শ্যাম বৰুৱা, ভাস্কৰ বায়ন, পৰমানন্দ গায়ন, অজিত বৰুৱা, গোপাল গায়ন, পদ্ম কলিতা বায়ন, দেবানন্দ গায়ন, অচ্যুত কাকতি, তপন কলিতা, সৰ্বানন্দ দুৱৰীয়া, মুকুন্দ বৰবায়ন, নন্দেশ্বৰ বৰবায়ন, দীননাথ বৰুৱা, পবিত্ৰ গায়ন ।

১৬৭৩ চনতে প্ৰতিষ্ঠিত সত্ৰ খনে সত্ৰীয়া সংস্কৃতিৰ বৰ্ণিল বিশাল শোভাযাত্ৰাৰ জৰিয়তে সত্ৰীয়া সংস্কৃতিৰ বিশ্বমুখী যাত্ৰা বিৰামহীনভাৱে অব্যাহত ৰাখিছে । ইফালে নাটখন সফলভাৱে মঞ্চস্থ হোৱাৰ লগে লগে ৰাজ্যবাসীয়ে শুভেচ্ছাও জ্ঞাপন কৰিছে অসমৰ পৰা যোৱা শিল্পীৰ দলটোক ।

লগতে পঢ়ক:Successful journey of Entrepreneur Geetanjali: উদ্যমী গীতাঞ্জলিয়ে আৰম্ভ কৰিলে আন এখন নাৰ্চাৰী

Last Updated : Oct 20, 2022, 1:12 PM IST

ABOUT THE AUTHOR

...view details