মাজুলী, 28 চেপ্তেম্বৰ: বাঢ়নি পানীয়ে উটোৱাই নিলে মাজুলীৰ চকোৱা ঘাটৰ বনগাঁও শালমৰা সংযোগী দলং ৷ গাঁৱৰে কেইজনমান যুৱকৰ প্ৰচেষ্টাত নিৰ্মিত হোৱা বাঁহৰ দলং খন উটোৱাই নিয়াত যাতায়তৰ সংযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰাত এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে দুটা বছৰ আগৰ পৰা এখন পকী দলং নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল যদিও আজিকোপতি সেই দলং খন কাৰ্যক্ষম হৈ নুঠিল ৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে শালমৰাৰ চকোৱা ঘাটত গাঁৱৰে কেইজনমান যুৱকে প্ৰতি বছৰে নিজৰ গাঁঠিৰ ধন ভাঙি একোখনকৈ বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়তৰ ব্যৱস্থা সুচল কৰি আহিছে ৷ কিন্তু চলিত বছৰটোত হোৱা চাৰিটাকৈ প্ৰলয়ংকাৰী বানে গাঁওখনৰ বহু অনিষ্ট সাধন কৰাৰ পাছত এতিয়া যোগাযোগৰ একমাত্ৰ ভৰসাৰ থলী বাঁহৰ দলং খনো উটোৱাই লৈ যোৱাত সমস্যাত পৰিছে স্থানীয় ৰাইজ ৷