মাজুলী, 6 ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰে শিক্ষকসকলক প্ৰদান কৰা এক বিশেষ বঁটা হৈছে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা৷ যি বঁটাৰ দ্বাৰা ৰাজ্যৰ কৃতী শিক্ষকসকলক বাচনি কৰি তেওঁলোকৰ কষ্ট আৰু ত্যাগক এক স্বীকৃতি প্ৰদানকৰা হয় ৷
প্ৰতিবছৰে ৰাজ্য চৰকাৰে ৰাজ্যৰ কৃতী শিক্ষকসকলক প্ৰদান কৰি আহিছে এই বিশেষ বঁটা ৷ এইবেলি অৰ্থাৎ 2021 চনৰ কৃতী শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও শিক্ষকে ৷ 2021 চনৰ কৃতী শিক্ষকৰ বঁটা লাভ কৰাসকলৰ ভিতৰত আছে মাজুলীৰ ৰুণুমা হাজৰিকা ভৰালী ৷
লগতে পঢ়ক:অসমৰ দুগৰাকী শিক্ষকলৈ সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা
মাজুলীৰ ১৩ নং চামগুৰি বণিয়া প্ৰাথমিক বিদ্যালয়ত সম্প্ৰতি প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত ৰুণুমা হাজৰিকা ভৰালী ৷ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভৰ পূৰ্বে জিলা কৃতী শিক্ষকৰ বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল শিক্ষয়িত্ৰীগৰাকীয়ে ৷ শিক্ষয়িত্ৰীগৰাকীৰ এই সাফল্যত আনন্দিত এতিয়া আত্মীয় তথা বৌদ্ধিক সমাজ ৷
প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বন্ধুত্বমূলক আচৰণৰ বাবে তেওঁ সকলো ছাত্ৰ-ছাত্ৰীৰ প্ৰিয় তথা আদৰ্শ ৷ 5 ছেপ্তেম্বৰৰ শিক্ষক দিৱসৰ দিনটোত মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত শিক্ষয়িত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰা হয় ৷