অসম

assam

ETV Bharat / state

মাজুলীত পথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ

বিগত বৰ্ষৰ 14 অক্টোবৰত ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰণালয়ৰ বিত্তীয় অনুদানেৰে গড়কাপ্তানি বিভাগে শিলিখাগুৰিৰ পৰা ঔগুৰী বাঘপাম সংযোগী পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও, পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ দিনৰ পৰাই পথটোত দেখা দিয়ে ব্যাপক বিসংগতিয়ে ৷ এই অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ৷

ব্যাপক বিসংগতিৰ অভিযোগ
ব্যাপক বিসংগতিৰ অভিযোগ

By

Published : Feb 24, 2020, 8:16 PM IST

মাজুলী, 24 ফেব্ৰুৱাৰীঃমাজুলীৰ ঔগুৰী বাঘপাম পথত বালিৰ সলনি বোকা মাটি পেলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ অভিযোগ অনুসৰি ৰাইজৰ সুবিধাক আওকাণ কৰি মইমতালিৰে ঠিকাদাৰে চলাই আহিছে দুষ্কাৰ্য ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ 14 অক্টোবৰতে গড়কাপ্তানী বিভাগে শিলিখাগুৰিৰ পৰা ঔগুৰী বাঘপাম সংযোগী পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰণালয়ৰ বিত্তীয় অনুদানেৰে

মাজুলীত পথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ

কিন্তু পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ দিনৰ পৰাই ব্যাপক বিসংগতিয়ে দেখা দিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ বিভাগীয় বিষয়াৰ সৈতে গোপন বুজা-বুজিৰে দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ ৰাতুল ভূঞা নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে ৷ ঠিকাদাৰ ৰাতুল ভূঞাই 3 কোটি 43 লক্ষাধিক টকা ব্যয়ৰে নিৰ্মাণ কৰা পথটোত চেণ্ডগ্ৰেভেলৰ ওপৰত বালি পেলোৱাৰ পৰিৱৰ্তে বোকামাটি পেলোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । বিভাগীয় বিষয়াক মেনেজ কৰি কাম কৰি অহা ঠিকাদাৰ ৰাতুল ভূঞাৰ কামত মাজুলী জিলা উপায়ুক্ত বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীক্ষ্ন দৃষ্টি দিব লাগে বুলি আহ্বান জনায় দল-সংগঠন তথা সচেতন মহলে ৷

লগতে পঢ়কঃবৰ্তমানেও পৰিৱৰ্তন নহ'ল গ্ৰামাঞ্চলৰ বহু বাট-পথ

ABOUT THE AUTHOR

...view details