মাজুলী, 23 এপ্ৰিল :এফালে নিৰ্মাণ হৈ আছে যোৰহাট-মাজুলী সংযোগী দলং (Jorhat Majuli Bridge) আৰু আনফালে এই দলঙৰ নামত ক্ষতি হৈছে দক্ষিণপাট কলিতা গাঁৱৰ পথচোৱাৰ ৷ যাৰ ফলত এতিয়া ক্ষোভিত হৈ পৰিছে গাঁওবাসী ৷ সেয়ে উপায়ন্তৰ হৈ শুকুৰবাৰে গাঁওবাসী ৰূপায়ন কৰে পথ অৱৰোধ কাৰ্যসূচীৰ (Road Blocked in Majuli) ৷
স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে দক্ষিণপাট কলিতা গাঁৱৰ পথেৰে দলং নিৰ্মাণৰ বাবে দৰকাৰী সামগ্ৰী কঢ়িওৱা বাহন সঘনে আহ-যাহ কৰে ৷ যাৰ ফলতেই যথেষ্ট পৰিমাণে ক্ষতি হৈছে এই বিশেষ পথটি ৷ আনকি পথৰ মাজত সৃষ্টি হৈছে ডাঙৰ ডাঙৰ গাঁত ৷
দক্ষিণপাট কলিতা গাঁৱৰ মূল পথচোৱাত সৃষ্টি হোৱা ডাঙৰ গাঁতবোৰৰ বাবেই এতিয়া যাতায়ত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখিন হ’ব লগাত পৰিছে অঞ্চলটোৰ ৰাইজ ৷ আনকি এই পথৰে ঐতিহাসিক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰলৈ অহা পৰ্যটক সকলৰ লগতে স্কুললৈ অহা-যোৱা কৰাটো শিক্ষাৰ্থীসকলেও যমৰ যাতনাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷