অসম

assam

ETV Bharat / state

ফেনীৰ প্ৰভাৱ: 4 মে'ত বন্ধ থাকিব মাজুলীৰ ফেৰীসেৱা

৪ মে' মাজুলী-নিমাতীঘাট ফেৰী সেৱাসহ মাজুলীৰ পৰা বহিঃসংযোগী কেউটা পাৰঘাটে সামৰা জলপথত ফেৰীসেৱা বন্ধ ৰাখিবলৈ আভ্যন্তৰীণ জল-পৰিবহন বিভাগক নিৰ্দেশ জাৰি কৰিছে । বতৰৰ বতৰা আৰু পৰিস্থিতি পৰ্যালোচনা কৰি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে

By

Published : May 3, 2019, 11:56 PM IST

ফেনীৰ প্ৰভাৱ

ফেনীৰ প্ৰভাৱ: 4 মে'ত বন্ধ থাকিব মাজুলীৰ ফেৰীসেৱা

মাজুলী, 3 মে': সামুদ্ৰিক ঘূৰ্ণী বতাহ 'ফেনীক লৈ দেখা দিয়া জৰুৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা ৷ ৪ মে' মাজুলী-নিমাতীঘাট ফেৰী সেৱাসহ মাজুলীৰ পৰা বহিঃসংযোগী কেউটা পাৰঘাটে সামৰা জলপথত ফেৰীসেৱা বন্ধ ৰাখিবলৈ আভ্যন্তৰীণ জল-পৰিবহন বিভাগক নিৰ্দেশ জাৰি কৰিছে । বতৰৰ বতৰা আৰু পৰিস্থিতি পৰ্যালোচনা কৰি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মাজুলীত আভ্যন্তৰীণ জল পৰিবহণ সেৱা তত্বাৱধানৰ দায়িত্বত থকা মাজুলীৰ অতিৰিক্ত উপায়ুক্ত শ্ৰীনৰেণ দাসে শুকুৰবাৰে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰে । ইফালে, ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগেও ইতিমধ্যে চাইক্ল'ন ফেনীৰ আশংকাৰ প্ৰতি নজৰ ৰাখি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত ফেৰীসেৱা বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।

ABOUT THE AUTHOR

...view details