অসম

assam

ETV Bharat / state

River cruise MV Ganga Vilas reaches Majuli: কমলাবাৰী পাৰঘাটত এম ভি গংগা বিলাসৰ পাৰ্যটকক আদৰণি - MV Ganga Vilas Cruise arrives in Guwahati

বিশ্বৰ সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ এম ভি গংগা বিলাস মাজুলীত উপস্থিত (River cruise MV Ganga Vilas reaches Majuli) । সোমবাৰে পুৱা মাজুলীত উপস্থিত হোৱাৰ পিছতেই পৰ্যটকসকলক পৰম্পৰাগত বস্ত্ৰৰে আদৰণি জনাই জিলা প্ৰশাসনে (Tourists of MV Ganga Vilas greeted with traditional clothes)।

MV Ganga Vilas Cruise arrives in Majuli
মাজুলীত এম ভি গংগা বিলাস

By

Published : Feb 27, 2023, 10:25 AM IST

মাজুলীত এম ভি গংগা বিলাস

মাজুলী, ২৭ফেব্ৰুৱাৰী:যোৱা ১৩ জানুৱাৰীত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰা এম ভি গংগা বিলাস নদীপথেৰে আহি থকাৰ অৱস্থাত বিভিন্ন স্থানৰ কলা সংস্কৃতি উপভোগ কৰি আহি সোমবাৰে মাজুলীত উপস্থিত হয়হি (MV Ganga Vilas Cruise arrives in Majuli)। এম ভি গংগা বিলাস মাজুলীত উপস্থিত হোৱাৰ লগে লগে সত্ৰ নগৰীখনত এক উৎসৱ মুখৰ পৰিবৱেশৰ সৃষ্টি হয় । পুৱা কমলাবাৰী পাৰঘাটত এম ভি গংগা বিলাসত অহা পাৰ্যটকসকলক আদৰণি জনাই জিলা প্ৰশাসনে । মাজুলীৰ কমলাবাৰী ঘাটৰ সমীপত লংগৰ পেলালে এম ভি গংগা বিলাসে । তাৰ পৰাই এম ভি ইন্দ্ৰ নামৰ জাহাজখনে আদৰি আনিলে পৰ্যটকসকলক । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ বাবে কমলাবাৰী ঘাটত চাপিব নোৱাৰিলে দীৰ্ঘত্বম ৰিভাৰ ক্ৰুইজখনে ।

মাজুলীত উপস্থিত হৈ কমলাবাৰী পাৰঘাটৰ পৰা আহি পৰ্যটকসকলে প্ৰথমে উত্তৰ কমলাবাৰী সত্ৰত মাটি আখৰা উপভোগ কৰে । ইয়াৰ পিছত উত্তৰ কমলাবাৰী সত্ৰত গায়ন বায়ন, ছামগুৰি সত্ৰত মুখা উপভোগ কৰিব । বিশ্বৰ সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ এম ভি গংগা বিলাস যোৱা ২০ ফেব্ৰুৱাৰীত আহি উপস্থিত হৈছিল ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত (MV Ganga Vilas Cruise arrives in Guwahati) । সোমবাৰে বিয়লি ৪ বজাত ক্ৰুজখন গুৱাহাটীৰ পাণ্ডু ঘাটত উপস্থিত হোৱাৰ পিছত পৰ্যটকসকলক পাণ্ডু ঘাটত কামৰূপ মহানগৰ জিলা প্ৰশাসনে আদৰণি জনায় । ইয়াৰ পিছতে বিশ্বৰ সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজখনে তেজপুৰ, বিশ্বনাথ, লখিমপুৰ আদিত উপস্থিত হৈ আজি মাজুলীত প্ৰৱেশ কৰে । জাহাজখনত যাত্ৰা কৰা মুঠ ২৮ গৰাকী বিদেশী পৰ্যটকে অসমৰ পৰম্পৰাগত সাজসজ্জা, খাদ্য সম্ভাৰৰ জুটি লৈ অভিভূত হৈ পৰে ।

উল্লেখ্য যে, যোৱা ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ-এম ভি গংগা বিলাস ক্ৰুজৰ যাত্ৰা উদ্বোধন কৰিছিল (MV Ganga Cruise in Assam)। সিদিনাই বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজখনে বাৰাণসীৰ পৰা যাত্ৰা কৰিছিল বিভিন্ন পৰ্যটন কেন্দ্ৰসমূহ ভ্ৰমণ কৰাৰ উদ্দেশ্য়ে । এম ভি গংগা বিলাসে ভাৰত আৰু বাংলাদেশৰ 27 খন নদী প্ৰণালী পাৰ হৈ অসমৰ কেইবাখনো জিলা সামৰি 3,200 কিলোমিটাৰ ভ্ৰমণ কৰিব ।

এই ক্ৰুজৰ তিনিটা ডেক আছে । তদুপৰি 36 গৰাকী পৰ্যটকৰ ক্ষমতাৰ সৈতে 18 টা চুইচৰ ব্য়ৱস্থাও আছে । উল্লেখ্য় যে প্ৰথমটো যাত্ৰাত চুইজাৰলেণ্ড আৰু জাৰ্মানীৰ পৰা ২৮ গৰাকী পৰ্যটকে যাত্ৰা কৰিছে । তেওঁলোকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদী ঘাট আৰু বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ চাহিবগঞ্জ, পশ্চিম বংগৰ কলকাতা, বাংলাদেশৰ ঢাকা আৰু অসমৰ গুৱাহাটীকে ধৰি ৫০ খন পৰ্যটনস্থলী ভ্ৰমণ সমাপ্তৰ দিশে আগবাঢ়িছে ।

লগতে পঢ়ক;AIUDF chief visits fire victims in Hatigaon: সাহায্য ঘোষণা কৰিবলৈ গৈ জনৰোষত সাংসদ আজমল

ABOUT THE AUTHOR

...view details