মাজুলী, 26 জানুৱাৰী: সমগ্ৰ দেশৰ লগতে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত গড়মূৰ কাছাৰী ময়দানত বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী তথা সাংস্কৃতিক উন্নয়ন দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলেই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে মাজুলীৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহৰ লগতে অসমৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিস্তৃত বৰ্ণনা আগবঢ়ায়।
মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন - গোপীৰাম বৰগায়ন বুঢ়াভকত
বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত গড়মূৰ কাছাৰী ময়দানত উদযাপন কৰা হয় ৭২ সংখ্যক গণৰাজ্য দিৱস ৷ মাজুলীত পতাকা উত্তোলন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী তথা সাংস্কৃতিক উন্নয়ন দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলে ৷
![মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10386070-229-10386070-1611647164270.jpg)
মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন
মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন
ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয়,মাজুলীবাসীৰ বহু প্ৰত্যাশিত নিমাতি মাজুলী দলং আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাম অতি সোনকালে আৰম্ভ হ'ব । ইয়াৰ লগতে মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ,সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক গোপীৰাম বৰগায়ন বুঢ়াভকতে ভাৰত চৰকাৰৰ সন্মানীয় পদ্মশ্ৰী সন্মান কঢ়িয়াই অনাত জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা মাজুলীৰ বৰেণ্য ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয়।
লগতে পঢ়ক:শিৱসাগৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী যোগেন মহনে