অসম

assam

ETV Bharat / state

মাজুলীত ৰাসোৎসৱৰ শুভাৰম্ভণি - মাজুলী খোনাচুক মাধৱদেৱ কৃষ্টি সংঘ

লক্ষ্মী পূৰ্ণিমাৰ দিনটোৰ পৰাই খোল,তাল,বাঁহীৰ অমিয়া সুৰৰ ঝংকাৰে মুখৰিত হৈ পৰে মাজুলী ৷ কিন্তু এইবাৰ মহামাৰীৰ কৰ'ণাৰ বাবে দোমোজাত ৰাস মহোৎসৱ।

Rash mahotsav start at Majuli
মাজুলীত ৰাসোৎসৱৰ শুভাৰম্ভণি

By

Published : Oct 30, 2020, 4:17 PM IST

মাজুলী, 30 অক্টোবৰ: আজি পবিত্ৰ লক্ষ্মী পূৰ্ণিমা ৷ এই লক্ষ্মী পূৰ্ণিমাৰ পৰাই গকুল আৰু বৃন্দাবনলৈ পৰ্যবেসিত হয় নদীদ্বীপ মাজুলী ৷ এই পবিত্ৰ লক্ষ্মী পূৰ্ণিমাৰ দিনটোতে সমগ্ৰ মাজুলীৰ প্ৰতিখন সত্ৰৰ লগতে প্ৰায় অৰ্ধ শতাধিক ৰঙ্গমঞ্চত শ্ৰী কৃষ্ণৰ ৰাস লীলাৰ নাট মেলা আৰম্ভ হয় ৷ লক্ষ্মী পূৰ্ণিমাৰ দিনটোৰ পৰাই খোল,তাল,বাঁহীৰ অমিয়া সুৰৰ ঝংকাৰে মুখৰিত হৈ পৰে মাজুলী ৷ কিন্তু এইবাৰ মহামাৰীৰ কৰ'ণাৰ বাবে দোমোজাত ৰাস মহোৎসৱ। চৰকাৰ আৰু প্ৰশাসনে বান্ধি দিয়া নীতি নিৰ্দেশনাই এতিয়া বিপাঙত পেলাইছে মাজুলীবাসীক ৷

মাজুলীত ৰাসোৎসৱৰ শুভাৰম্ভণি

তথাপিটো ৰাস মাজুলীৰ ঐতিহ্য,মাজুলীৰ মান,মাজুলীৰ প্ৰাণ শিশুৰ পৰা জেষ্ঠজনলৈকে সকলোৰে হৃদয়ত প্ৰবাহমান । লক্ষ্মী পূৰ্ণিমাৰ দিনটোত শুকুৰবাৰে কেইবাখনো সত্ৰৰ লগতে মাজুলী খোনাচুক মাধৱদেৱ কৃষ্টি সংঘটো পৰম্পৰাগত ভাৱে নাম প্ৰংসগ কৰি নাট মেলা আৰম্ভ কৰিলে ৰাইজে । ক'ভিডৰ মাজতে এতিয়া ৰাসোৎসৱৰ বাবে সাজু হৈছে মাজুলীৰ ৰাইজ ৷ লগতে ৰাইজে প্রশাসনলৈ অনুৰোধ জনাইছে যাতে ৰাসৰ বাবে যি নীতি নিয়ম বান্ধি দিছে তাক যেন কিছু শীতল কৰি দিয়ে ৷

লগতে পঢ়কঃবিজেপিয়ে দুখীয়াক অৱজ্ঞা কৰেঃ শান্ত হোজাই

ABOUT THE AUTHOR

...view details