মাজুলী,১৯ আগষ্ট: কৈ থাকিলেও ওৰকে নপৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কথা । বিভিন্ন সময়ত জাহাজ তথা নাও প্ৰসংগক লৈ বিতৰ্কৰ মাজত সোমাই থাকে আভ্যন্তৰীণ জল পৰিবহন বিভাগ । ৰাইজ অভিযোগৰ প্ৰতি ভ্ৰুক্ষেপ নাই বিভাগটোৰ । মাজুলীৰ দুই লক্ষ্য জনতাৰ সমস্যাক একাষৰীয়া কৰি কুম্ভকৰ্ণ নিদ্ৰাত আভ্যন্তৰীণ জল পৰিবহন বিভাগ । বিগত প্রায় এমাহে বন্ধ মাজুলী নিমাতিৰ মাজত চলা ৰাণী গাইডিলুং নামৰ ৰ'পেক্স জাহাজখন । বিকল হৈ থকাৰ অজুহাত দেখুৱাই আজি প্রায় এমাহ ধৰি বন্ধ হৈ আছে এই ৰ'পেক্স জাহাজ ।
বিকল হৈ থকা ৰ'পেক্স ফেৰীখন মেৰামতি ব্যবস্থা কৰা নাই আভ্যন্তৰীণ জল পৰিবহন বিভাগে । এখন প্ৰায় এমাহ ধৰি বিকল হৈ থকাৰ বাবে মাজুলী অফলামুখৰ মাজত মাত্ৰ এখন ৰ'পেক্স বৰ্তমান সময়ত চলাচল কৰি আছে । পানী বাঢ়িলে ৰেম্পৰ অসুবিধা কথা কৈ ফেৰী সেৱা বন্ধ কৰি ৰখা আভ্যন্তৰীণ জল পৰিবহন বিভাগে আজি এক মাহে কিয় ফেৰী খন মেৰামতি কৰা নাই তাক লৈ প্ৰশ্ন তুলিছে সাধাৰণ ৰাইজে ।