মাজুলীত কেৱল জাতীয় পোছাকত সৌন্দৰ্য প্ৰতিযোগিতা - জাতীয় সাজ পাৰ
ৰংমন-ৰাংঢালী শীৰ্ষক অনুষ্ঠানে অনুষ্ঠিত কৰিছে এই সৌন্দৰ্য বিশেষ প্ৰতিযোগিতা
মাজুলীত সৌন্দৰ্য প্ৰতিযোগিতা
মাজুলী,19 আগষ্টঃ মাজুলীত ৰংমন-ৰাংঢালীৰ নামৰ অনুষ্ঠানটোৱে গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ ৷ অসমীয়া জাতিৰ পোছাকক বিশ্ববাসীৰ মাজলৈ উলিয়াই নিয়াৰ প্ৰয়াস কৰিছে অনুষ্ঠানটোৱে ৷ সেই উদ্দেশ্যেৰে তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰিছে সৌন্দৰ্য প্ৰতিযোগিতা ৷ কেৱল জাতীয় সাজ পাৰহে পৰিধান কৰাৰ অনুমতি থকা প্ৰতিযোগিতাখনত দুদিনীয়াকৈ জাতীয় সাজ পাৰ পৰিধান আৰু প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়া হয় প্ৰতিযোগী সকলক।