মাজুলী,২৭ মে':প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা SI জোনমণি ৰাভাৰ প্ৰাক্তন প্ৰেমিক ৰাণা পগাগক অৱশেষত নিক্ষেপ কৰা হ'ল কাৰাগাৰলৈ(Rana Pogag sent to jail) । তিনিটাকৈ প্ৰৱঞ্চনাৰ গোচৰত মাজুলী আৰক্ষীয়ে নিজৰ জিম্মাত লৈ বৃহস্পতিবাৰে ১৪ দিনৰ বাবে মাজুলী কাৰাগাৰলৈ নিক্ষেপ কৰে প্ৰৱঞ্চক ৰাণা পগাগক(Rana Pogag accused in cheating case) । ৰাণাৰ বিৰুদ্ধে আছিল অ‘ এন জি চিত কাম দিয়াৰ বাবে ধন লৈ প্ৰৱঞ্চৱনা কৰাৰ অভিযোগ ৷ খোদ প্ৰেমিকা জোনমণি ৰাভাই তৰিছিল গোচৰ ৷
ৰাণা পগাগক আটক কৰাৰ পাচতেই ঘটনাই ঘটনাই লৈছিল অন্য মোৰ ৷ ৰাণা পগাগৰ সমগ্ৰ প্ৰৱঞ্চাৰ সৈতে প্ৰেমিকা তথা SI জোনমণি ৰাভা জড়িত থকাৰ অভিযোগ উঠে (SI Joonmoni Rabha controversy)৷ ভাইৰেল হয় ধনৰ বাবে কৰা কেইবাটাও ফোনকলৰ অ’ডিঅ’ ৰেকৰ্ড ৷ তাৰোপৰি মাজুলীত জোনমণি ৰাভা ভাৰা থকা ঘৰটোৰ গৰাকীয়েও সংবাদ মাধ্যৰ সন্মূখত বিস্ফোৰক ভাষ্য প্ৰদান কৰে ৷ বহুকেইজন লোকে জোনমণি ৰাভাৰ বিৰুদ্ধে আনে অভিযোগ ৷
অৱশেষত কাৰাগাৰলৈ ৰাণা পগাগ ইফালে, মাজুলী আৰক্ষীৰ জিম্মাত থকা ৰাণা পগাগে আদালতলৈ অহাৰ সময়ত সংবাদ মাধ্যমৰ আগত কৰিছিল বিস্ফোৰক মন্তব্য । এগৰাকী সাংবাদিকে ধন দাবী কৰি সেই ধন নোপোৱাত ঘৰৰ সামগ্ৰী লৈ যোৱা বুলি কয় ৰাণাই ৷
কিন্তু পুত্র ৰাণাই অনা অভিযোগৰ ভিত্তিত একাংশ সংবাদ মাধ্যমে পিতৃৰ পৰা অভিমত গ্রহণ কৰাৰ সময়ত পিতৃয়ে পুত্ৰই অনা অভিযোগ নাস্যাৎ কৰে । সংবাদ মাধ্যমে পিতৃৰ অভিমত গ্ৰহণৰ পাছত শুকুৰবাৰে সংবাদ মাধ্যমৰ ওচৰত মৌনতা অৱলম্বন কৰে প্ৰলোভনকাৰী ৰাণাই । ৰাণা পগাগৰ প্ৰলোভনৰ জালখনত সাৰ পানী যোগাই একাংশ লোকক ৰাণাৰ লগত পৰিচয় কৰি ধন সংগ্ৰহ কৰাত জড়িত থকা বুলি অভিযুক্তই উল্লেখ কৰাৰ পাছতো এই মূহুৰ্তলৈ তদন্তৰ আওতালৈ অনা নাই আৰক্ষী বিষয়া জোনমনি ৰাভাক ।
অজিত বৰাৰ FIR ত স্পষ্ট হৈ আছে জোনমণি ৰাভাই ধন লোৱাৰ প্ৰমাণ । তাৰ পাচটো জোনমনিৰ ৰাভা কিয় তদন্ত লৈ অহা নাই সেয়া এক চিন্তনীয় বিষয় ।শুকুৰবাৰে বিভিন্ন অজুহাত দেখুৱাই মাজুলী আৰক্ষী সংবাদ মাধ্যমৰ পৰা আতৰি থকাটোৱেও ৰহস্যৰ সৃষ্টি কৰিছে । আজি মৌন হৈ পৰা ৰাণাক লৈ বহু কেইটা প্ৰশ্নৰ উদয় হৈছে সাধাৰণ জনতাৰ মনত ।
কিয় আৰক্ষীৰ জিম্মাত থকা এজন অপৰাধীয়ে সংবাদ মাধ্যমক আক্রমণৰ লক্ষ্য কৰি লৈছিল ? পিতৃৰ মতামত সংগ্রহৰ পাছত কিয় মৌন হৈ পৰিল ৰাণা পগাগ ? আৰক্ষীৰ জিম্মাত থকা ৰাণাক কোনে উচতাইছে এনে কথা কবলৈ ? ৰাণাক ঢাল সজাই সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰাৰ লক্ষ্য আছিল নেকি কাৰোবাৰ ? এনে নানান প্ৰশ্নৰ উদয় হৈছে বৰ্তমান সময়ত ।
লগতে পঢ়ক:চীনৰ পৰা 50 হাজাৰ PPE কীট কিনা নাছিল চৰকাৰে: কংগ্ৰেছ