মাজুলী,১৯ অক্টোবৰ:ইটোৰ পাছত সিটো বিতৰ্কিত মন্তব্য আগবঢ়াই আহিছে দক্ষিণপাট গৃহশ্ৰমি সত্ৰৰ(Dakhinpat Satra Majuli) সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে । প্ৰথমে মাজুলীত দুৰ্গা পূজা অনুষ্ঠিত কৰিব লাগে বুলি দক্ষিণপাট গৃহশ্ৰমি সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে (Satradhikar Janardan Deva Goswami) মন্তব্য কৰাৰ পাছত সমগ্ৰ ৰাজ্যজুৰি সত্ৰাধিকাৰজনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যবাসী ৷
এই বিতৰ্ক অব্যাহত থাকোতেই পুনৰ অন্য এক বিতৰ্কিত মন্তব্য কৰিলে সত্ৰাধিকাৰগৰাকীয়ে ৷ মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ(Srimanta Sankardev) সন্দৰ্ভতো বিতৰ্কিত মন্তব্য আগবঢ়াই জনাৰ্দন দেৱ গোস্বামীয়ে । সত্ৰাধিকাৰগৰাকীৰ মতে শংকৰদেৱ গুৰু নহয় ৷ শংকৰদেৱ এজন মহাপুৰুষ, বিজ্ঞানী, অসমৰ প্ৰথম ক্ৰীড়াবিদ । ইয়াতকৈও এখোপ ওপৰলৈ গৈ মহাপুৰুষসকল ধৰ্ম নিৰপেক্ষ নাছিল বুলিও বিস্ফোৰক মন্তব্য কৰিলে জনাৰ্দন দেৱ গোস্বামীয়ে ।
শ্ৰীমন্ত শংকৰদেৱক ধর্ম নিৰপেক্ষ নাছিল বুলি সত্ৰাধিকাৰগৰাকীয়ে মন্তব্য আগবঢ়োৱাৰ পাছতেই অধিক জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্নজন । সত্ৰাধিকাৰগৰাকীয়ে এনেধৰণৰ মন্তব্য কৰি বিতৰ্কত থাকি ভাল পায় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ স্থানীয় লোকে । জনাৰ্দন দেৱগোস্বামীয়ে জানি বুজি এনেকুৱা মন্তব্য আগবঢ়াই সদায় চৰ্চাত থাকিবলৈ বিচাৰে বুলি কয় মাজুলীৰ স্থানীয় ৰাইজে ।