অসম

assam

ধৰ্ম এতিয়া ন্যায়ালয়ত, সত্ৰাধিকাৰলৈ চমন !

By

Published : Sep 9, 2019, 5:25 PM IST

সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী লৈ ন্যায়ালয়ৰ চমন অহাৰ পিছতেই মাজুলীৰ সদৰ গড়মূৰত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ ৷

মাজুলীত উত্তাল প্ৰতিবাদ

মাজুলী,9 ছেপ্টেম্বৰঃমাজুলীৰ ঐতিহাসিক দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী লৈ আহিল ন্যায়ালয়ৰ চমন ।১১ ছেপ্টেম্বৰত কাঠগড়াত হাজিৰ হ'ব লাগিব সত্ৰাধিকাৰ গৰাকী ।এই ঘটনাই এতিয়া চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তে নদীদ্বীপত প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু যুৱ ছাত্র পৰিষদ অসমে। উল্লেখ্য যে,মাজুলীত খ্ৰীষ্ট্ৰান বিৰোধী আন্দোলন আৰম্ভ কৰিছিল সত্ৰাধিকাৰ গৰাকীয়ে।দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে প্ৰশান্ত পায়েং নামৰ এজন ব্যক্তিয়ে গোচৰ ৰুজু কৰিছে মাজুলী জেংৰাইমুখ থানাত । ২০১৮ চনতে ২৯৪/ ২৯৫/২৯৮/৪৪৭/৫০৬/৩৫৭ ধাৰাত এই গোচৰ ৰুজু কৰিছিল ।

মাজুলীত উত্তাল প্ৰতিবাদ


এই কাণ্ডৰ ফলত এতিয়া মাজুলীত তুমূুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে সোমবাৰে গড়মূৰত প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে হিন্দু সংগঠনটোৱে । সত্ৰাধিকাৰক সুৰক্ষা , খ্ৰীষ্টান আগ্ৰাসন বন্ধ ৰ বাবে এনেদৰে ধুতি পাঞ্জাৱী পিন্ধি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে লগতে ৬ দফীয়া দাবী পূৰণৰ বাবেও স্মাৰক প্ৰত্ৰ প্ৰদান কৰে।আনহাতে মাজুলী আধাৰ সত্ৰৰ সত্ৰাধিকাৰে মন্তব্য কৰে যে, যি কোনো প্ৰকাৰে প্ৰতিহত কৰিব লাগিব ধৰ্মান্তকৰণ । তেঁওৰ মতে,বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবলৈ হ'লে বৈষ্ণৱ সংস্কৃতিৰ ধাৰা অব্যাহত ৰাখিব লাগিব।

ABOUT THE AUTHOR

...view details