মাজুলী, 10 এপ্ৰিল :গুজৰাটৰ চুৰাট আদালতে মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ড ঘোষণা কৰাৰ পিছতে লোকসভাৰ সচিবালয়ে ৰাহুল গান্ধীৰ সাংসদ পদো খাৰিজ কৰে ৷ ইয়াৰ পিচতে সমগ্র দেশৰ লগতে অসম কংগ্ৰেছেও ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । মূলতঃ ৰাহুল গান্ধীৰ প্ৰসংগতেই আজি সমগ্র ৰাজ্যজুৰি কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক তীব্ৰ সমালোচনা কৰে (Protest against Rahul Gandhi dismissed as MP)।
সমান্তৰালভাৱে মাজুলীতো জিলা সদৰ গড়মূৰত প্ৰতিবাদ সাব্যস্ত কৰে মাজুলী জিলা কংগ্ৰেছে । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভাৰতীয় নিখিল কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিকাশ উপ্যাধায়ে ৷ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গণতন্ত্ৰ গভীৰ সংকটত পৰাৰ লগতে পদদলিত হৈছে দেশৰ সংবিধান । চৌদিশে অৰাজক পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে দেশৰ সংবিধানৰ প্ৰতি স্বয়ং চৰকাৰখনৰ অশ্ৰদ্ধা, আইন আদালতক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰৰ ধৃষ্টতা আৰু ই ডি-চি বি আই, আই টি আদি স্বতন্ত্ৰ সংস্থাসমূহক বিজেপি চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কামত ব্যৱহাৰ কৰাৰ ঘটনাই দেশত গণতন্ত্ৰক ধূলিস্যাৎ কৰা পৰিলক্ষিত হৈছে । নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সমগ্ৰ দেশ কাল অমানিশাৰ ফালে গতি কৰিছে বুলি কয় সাধাৰণ সম্পাদকগৰাকীয়ে (Protest in Majuli for Rahul Gandhi dismissed as MP) ।