অসম

assam

ETV Bharat / state

মাজুলীৰ 36 গৰাকী সত্ৰধিকাৰৰ গৰিহণা মুখ্যমন্ত্ৰী সোণোৱাললৈ - নাগৰিকত্ব সংশোধনী আইন

দেওবাৰে মাজুলী কমলাবাৰীৰ ১নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাসংগনত আছু আৰু যুৱ ছাত্ৰ পৰিষদে জনোৱা আহ্বানত একত্ৰিত হ'ল ৩৬ গৰাকী সত্ৰাধিকাৰ ৷

মাজুলী
মাজুলীৰ 36 খন সত্ৰধিকাৰ গৰিহণা মুখ্যমন্ত্ৰী সোণোৱাললৈ

By

Published : Dec 15, 2019, 6:20 PM IST

মাজুলী, 15 ডিচেম্বৰঃ মাজুলীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'ল মাজুলীৰ 36 খন সত্ৰৰ সত্ৰধিকাৰ ৷ দেওবাৰে মাজুলী কমলাবাৰীৰ ১নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাসংগনত আছু আৰু যুৱ ছাত্ৰ পৰিষদে জনোৱা আহ্বানত একত্ৰিত হ'ল ৩৬ গৰাকী সত্ৰাধিকাৰ ৷

মাজুলীৰ 36 খন সত্ৰধিকাৰ গৰিহণা মুখ্যমন্ত্ৰী সোণোৱাললৈ

মাজুলী বনগাঁৱত তিনিগৰাকী সত্ৰাধিকাৰ ক্ৰমে গড়মূৰ সত্ৰাধিকাৰ, দক্ষিণপাট গৃহাশ্ৰমী সত্ৰাধিকাৰ, দলনি চামগুৰি সত্ৰাধিকাৰে প্ৰতিবাদ সাব্যস্ত কৰি মাজুলীবাসীৰ সংগ্ৰাম খনক অধিক শক্তিশালী আৰু গনতান্ত্ৰিক ৰূপত চলাই নিয়াৰ পোষকতা কৰি আইনখনৰ বিৰুদ্ধাচৰণ কৰে ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী


আনহাতে, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ উপৰিও ৰাজ্য সভাত বি পি সহস্ৰেবুদ্ধে মাজুলীবাসীক কৰা অপমানৰ পাছতো মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰীৰ নিৰৱতাক গৰিহণা দিয়ে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সত্ৰধিকাৰ ননীগোপাল গোস্বামী

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰৰ হাতলৈ ঠেলি নিদি নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ আহ্বান জনায় ৰাজ্য চৰকাৰক । সভাত সকলো সত্ৰাধিকাৰ তথা সত্ৰৰ প্ৰতিনিধি বৰ্গ, জাতীয় দল সংগঠন ঐক্য মতত উপনীত হৈ ঐক্যবদ্ব সংগ্ৰামৰ ধাৰাবাহিকতা চলাই যোৱাৰ বাবে সংকল্প লয় সত্ৰাধিকাৰ গৰাকীয়ে ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামী

উল্লেখ্য যে, যি সত্ৰাধিকাৰৰ আশীষ লৈ সৰ্বানন্দ সোণোৱালে ৰাজপাটত বহিছিল সেই সেই সত্ৰাধিকাৰ সকলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি গৰিহণা দিয়া কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে মাজুলীবাসীয়ে ।

ABOUT THE AUTHOR

...view details