মাজুলী, 5 ডিচেম্বৰঃবুধবাৰে মোডীৰ কেবিনেটত গৃহীত হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ কেবিনেটত কেব গৃহীত হোৱাৰ পাচতে কেব বিৰোধী প্ৰতিবাদত জ্বলিছে সমগ্ৰ ৰাজ্য ৷ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীতো পুৱাৰে পৰা বিভিন্ন ঠাইত চলিছে কেব বিৰোধী প্ৰতিবাদ ৷
মাজুলীত হাত কাটি ছাত্ৰৰ কেব বিৰোধী প্ৰতিবাদ - majuli protest news
মাজুলীত ব্লেডেৰে নিজৰ আঙুলি কাটি জয় আই অসম লিখি আছুৰ প্ৰতিবাদী ছাত্ৰৰ অভিনৱ প্ৰতিবাদ ৷
কেব বিৰোধী প্ৰতিবাদ
ইপিনে পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী ছাত্ৰই নিজৰ হাত কাটি তেজেৰে লিখিলে 'জয় আই অসম' ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মাজুলীৰ বনগাঁৱত আছুৰ প্ৰতিবাদী ছাত্ৰই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক - কেবিনেটত গৃহীত কেবঃ প্ৰতিবাদত জ্বলিছে ৰাজ্য
Last Updated : Dec 5, 2019, 6:48 PM IST
TAGGED:
majuli protest news