মাজুলী, ১৭ নৱেম্বৰ: উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সত্ৰনগৰী মাজুলী(Majuli)ত । সুন্দৰকৈ ৰাস মহোৎসৱ(Raas mahotsav) উদযাপনৰ প্ৰস্তুতি চলিছে সৰ্বত্ৰে । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ । প্রথমবাৰৰ বাবে মাজুলীৰ ৰাসত অভিনয় কৰিব কণ্ঠশিল্পী দীপলিনা ডেকা(Diplina Deka)ই ।
ৰাইজে দৈৱকীৰ ৰূপত দেখিবলৈ পাব কণ্ঠশিল্পী দীপলিনাক । আখৰাত ব্যস্ত হৈ পৰিছে দীপলিনা । ১৮ নৱেম্বৰত উজনি মাজুলীৰ মিলন সংঘই আয়োজন কৰা ৰাসত দেখা পোৱা যাব দীপলিনা ডেকাক । আনহাতে, মাজুলীৰ বালিচাপৰিত কংসৰ চৰিত্রত অভিনয় কৰিব ৰেঙণি চেনেলত সম্প্ৰচাৰিত ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট(Beharbari Outpost)ৰ আৰক্ষী উপ-পৰিদৰ্শকৰ চৰিত্ৰত অভিনয় কৰা প্রীতম বৰুৱা(Pritam Baruah)ই ।