অসম

assam

ETV Bharat / state

ম্যাদ উকলা মথাউৰিক লৈ শংকিত মাজুলীৰ ৰাইজ - ম্যাদ উকলা মাথাউৰিক লৈ শংকিত মাজুলীৰ ৰাইজ

মাজুলীৰ হালধিবাৰী বেচামৰা মাথাউৰিটোৰ বিধস্থ অৱস্থাই এতিয়া শংকিত কৰি তুলিছে মাজুলীবাসী ৰাইজক ৷ দীৰ্ঘ দিন ধৰি উক্ত মথাউৰিটো মেৰামতি নকৰাত জৰাজীৰ্ণ হৈ পৰিছে ৷ তাৰোপৰি এজাক বৰষুণতেই এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ ৷

ETV BHARAT
ম্যাদ উকলা মাথাউৰিক লৈ শংকিত মাজুলীৰ ৰাইজ

By

Published : May 24, 2020, 5:02 PM IST

মাজুলী,24মেঃ মাজুলীত ম্যাদ উকলা মথাউৰিক লৈ চিন্তিত নৈ পৰীয়া ৰাইজ । বছৰ-বছৰ ধৰি মথাউৰিৰ মেৰামতি নোহোৱাত শংকিত হৈ পৰিছে সাধাৰণ জনতা ৷

মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত এতিয়া সৰহ সংখ্যক মথাউৰিৰে বিধ্বস্ত অৱস্থা ৷ মাজুলীৰ মেৰুদণ্ডস্বৰূপ হালধিবাৰী বেচামৰা মথাউৰি, চুমৈমাৰি, জেংৰাই চাপৰিৰ প্ৰায় সংখ্যক মথাউৰিৰে এতিয়া জৰাজীৰ্ণ অৱস্থা ৷ প্ৰায় ১৯৭৫ চনতেই নিৰ্মান কৰা হালধিবাৰী বেচামৰা মথাউৰিটোৰ কঢ়ালগাঁৱৰ আগফালে উহ ওলোৱাত বিগত বৰ্ষত স্থানীয় তিনি, চাৰিখনকৈ গাঁৱৰ ৰাইজে দিন-ৰাতি একাকাৰ কৰি মেৰামতি কৰি ৰক্ষা কৰিছিল মথাউৰিটো ৷

কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে, এই বৰ্ষত মথাউৰিটো সুৰক্ষাৰ বাবে চৰকাৰৰ জলসম্পদ বিভাগে যিধৰনে গুৰুত্ব প্ৰদান কৰিব লাগিছিল তাৰ প্ৰতি কোনো গুৰুত্ব নিদিলে ৷ ইফালে বাৰিষা সমাগত, ফেনে ফুতুকাৰে বাঢ়িছে ব্ৰক্ষ্মপুত্ৰৰ জলপৃষ্ঠ ৷ পানী বঢ়াৰ লগে লগে এতিয়া আতংকিত হৈ পৰিছে মথাউৰিৰ কাষৰ গাঁওবাসী ৷ হালধিবাৰী বেচামৰা মাথাউৰিৰ কাষৰ চিকাৰী মিচিং, মৰঙগীয়া, কঠালখোৱা, ৰতনপুৰ, গায়নগাঁও, শালমৰা, মেৰাগড়, বনগাঁৱৰ ৰাইজে এতিয়া ভয়-শংকাৰ মাজতেই দিন অতিবাহিত কৰিছে ৷

ম্যাদ উকলা মাথাউৰিক লৈ শংকিত মাজুলীৰ ৰাইজ

প্ৰতিবছৰেই বাৰিষাৰ সময়ত জলসম্পদ বিভাগে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি পিঠি দি ঠিকাদাৰৰ স্বাৰ্থত কমিচনৰ অংকত বাৰিষাৰ সময়ত সামান্য পৰিমানে মথাউৰি মেৰামতি কৰে ৷ কিন্তু সেই কামৰ জৰিয়তে ৰাইজৰ তিলমানো উপকাৰ নহয় বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকে ৷ এই বৰ্ষতো মাজুলীত অনুৰূপ ঘটনাই সংঘটিত হৈছে ৷ কনা হাঁহক পটান দিয়াৰ দৰে সামান্য পৰিমানে মথাউৰিৰ মেৰামতিৰ কাম কৰি চৰকাৰী ধন শৰাধ কৰাৰ চক্ৰান্ত চলা বুলি ক্ষোভ প্ৰকাশ কৰিছে ৷ সম্প্ৰতি মথাউৰিটোৰ দুয়োকাষে হাবিৰে ভৰপুৰ হৈ পৰাৰ লগতে প্ৰকাণ্ড প্ৰকাণ্ড গাতে মথাউৰিতোলৈ ভাবুকি সৃষ্টি কঢ়িয়াই আনিছে । অতিশীঘ্ৰে উক্ত মথাউৰিটো মেৰামতিৰ ব্যৱস্থা নকৰিলে ব্ৰহ্মপুত্ৰৰ সোঁতত বেচামৰা ,বনগাঁৱকে আদি কৰি বহু অঞ্চলৰ ঘৰ মাটি-ভেটি যে ব্ৰহ্মপুত্ৰত বিলীন হ'ব তাক লৈ এতিয়া মুৰে কপাঁলে হাত দিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে সাধাৰণ জনতাৰ ৷

লগতে পঢ়ক-মুক্ত কয়লা খননৰ বিৰুদ্ধে যোৰহাট জিলা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details