অসম

assam

ETV Bharat / state

ই ভি এম-ভি ভি পেটসহ মাজুলীলৈ ৰাওনা প'লিং বিষয়াৰ দল - ই ভি এম-ভি ভি পেট

মাজুলীৰ তিনিটা মৌজাৰ অন্তৰ্গত 20খন গাঁও পঞ্চায়তৰ আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিৰ বাহিৰে 18 খন গাঁও পঞ্চায়তত অৱস্থিত 150 টা ভোট গ্ৰহণ কেন্দ্ৰৰ অন্তৰ্গত দূৰণিবটীয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰা ভোট গ্ৰহণ সমগ্ৰীসহ বিষয়া-কৰ্মচাৰী আৰু সুৰক্ষা বাহিনীৰ দল বৃহস্পতিবাৰে নিশা পৰ্যন্ত আহি সমগ্ৰীসমূহ জমা কৰেহি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত

ই ভি এম-ভি ভি পেটসহ প'লিং বিষয়াসকলৰ মাজুলীলৈ ৰাওনা

By

Published : Apr 12, 2019, 12:46 PM IST

মাজুলী,12 এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পাচত এতিয়া ই ভি এম-ভি ভি পেটসহ প্ৰিজাইডিং তথা প'লিং বিষয়াসকল মাজুলীলৈ ৰাওনা ৷ মাজুলীৰ তিনিটা মৌজাৰ অন্তৰ্গত 20 খন গাঁও পঞ্চায়তৰ আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিৰ বাহিৰে 18 খন গাঁও পঞ্চায়তত অৱস্থিত 150 টা ভোট গ্ৰহণ কেন্দ্ৰৰ অন্তৰ্গত দূৰণিবটীয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰা ভোট গ্ৰহণ সমগ্ৰীসহ বিষয়া-কৰ্মচাৰী আৰু সুৰক্ষা বাহিনীৰ দল বৃহস্পতিবাৰে নিশা পৰ্যন্ত আহি সমগ্ৰীসমূহ জমা কৰেহি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ৷

ই ভি এম-ভি ভি পেটসহ প'লিং বিষয়াসকলৰ মাজুলীলৈ ৰাওনা


দুৰ্গম ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে চিহ্নিত আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ 1নং সাধু চাপৰি ভোটকেন্দ্ৰ আৰু 7নং মধ্য আঁহতগুৰি ভোটকেন্দ্ৰৰ ভোট গ্ৰহণকাৰী দুয়োটা দল বৃহস্পতিবাৰে উওৰ পাৰেৰে আহি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত থকা দেউৰী স্বায়ত শাসিত পৰিষদৰ নিৰ্বাচনী আয়োগৰ দ্বাৰা অনুমোদিত অতিথি গৃহত থাকি পুৱা নাৰায়ণপুৰৰ পৰা বিহপুৰীয়া হৈ মাজুলী সংযোগী চেনিমৰা কংকুৰ ঘাটেৰে বিশেষ ফেৰীৰে পাৰ হৈ দুপৰীয়াৰ ভাগলৈ উপস্থিত হ'বহি মাজুলী জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত।

আনহাতে পঞ্চায়তখনৰ 2নং বৰুৱা চুক ,3নং আৰ্দশ এম ই স্কুল, 4নং প্ৰগতি এম ই স্কুল, 5নং হুটাৰ, 6নং বুঢ়া চাপৰি,এই পাঁচটা ভোট গ্ৰহণ কেন্দ্ৰৰ ভোট গ্ৰহণকাৰী দল আহঁতগুৰি গাঁও পঞ্চায়তত আহি বৃহস্পতিবাৰে নিশাটো কটাই শুকুৰবাৰে বিয়লি ভাগলৈ উপস্থিত হ'বহি মাজুলী জিলাৰ নিৰ্বাচনী কাৰ্যালয়ত। ঠিক তেনেদৰে দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত 10নং চৰাই চাপৰি , 11নং দলখোৱা এল পি স্কুল,12নং শালমৰা পাৰ , 13নং উজিৰ আটিৰ,14নং ৰৌৰ মৰা ,15নং ভেকুলী মুখ ,42 নং কাৰ্টিক চাপৰি ভোটকেন্দ্ৰৰ ভোট গ্ৰহণকাৰী দল বৃহস্পতিবাৰে দেৰগাঁওস্থিত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ অতিথি গৃহত বাহৰ পাতি শুকুৰবাৰে নিমাতী, কমলাবাৰী ঘাটেৰে আহি দুপৰীয়াৰ ভাগলৈ মাজুলী জিলাৰ নিৰ্বাচনী বিষয়া কাৰ্যালয়ত উপস্থিত হ'বহি ।

ABOUT THE AUTHOR

...view details