মাজুলী, 25 জানুৱাৰী:মাজুলীত পুনৰ চৰ্চালৈ আহিছে এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক ৷ জোনমণি ৰাভাৰ পাচত মাজুলীত এইবাৰ চৰ্চিত হৈছে মাজুলী থানাৰ উপ-পৰিদৰ্শক পৰাগ চৌধুৰী ৷ এইবাৰো কাহিনীৰ আঁৰত আছে প্ৰেম ৷ এছ আই পৰাগ চৌধুৰীৰ দৰিয়া গাঁওস্থিত ভাৰাঘৰত পুৱাই লাগিল হুলস্থুল ৷ ঘৰৰ ভিতৰৰ পৰা ভাঁহি আহিল চিঞৰ-বাখৰৰ লগতে এটা নাৰী কণ্ঠৰ আৰ্তনাদ ৷ ঘটনাক লৈ হতচকিত হৈ পৰে চুবুৰীয়া লোকসকল (Majuli Police SI controversy) ৷
আচলতে, মঙলবাৰে নিশা এগৰাকী যুৱতীয়ে আশ্ৰয় গ্ৰহণ কৰিছিল পৰাগ চৌধুৰীৰ ভাৰাকোঠাত ৷ নিশাটো পাৰ হোৱাৰ পাচত পুৱাই এছ আই চৌধুৰীৰ কোঠাত সৃষ্টি হয় হুলস্থুলীয়া পৰিবেশৰ (Majuli SI Parag Choudhury) ৷ নিশা আহি আশ্ৰয় লোৱা সেই যুৱতীগৰাকী আন কোনো নহয় ৷ তেওঁ এছ আই পৰাগ চৌধুৰীৰ প্ৰাক্তন প্ৰেয়সী ৷ কোনো কথাত দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হৈ পাচত সেই কাজিয়া ডাঙৰ হৈ পৰে ৷ হুলস্থূল শুনি সেই স্থানত উপস্থিত হয় স্থানীয় লোক (Police SI engaged in fight with ex gf) ৷
ভাৰাঘৰৰ গৰাকীয়ে জানিবলৈ দিয়া মতে, প্ৰায় এমাহ পূৰ্বে এছ আই পৰাগ চৌধুৰীয়ে সেই কোঠাটো ভাৰালৈ লৈছিল ৷ আৰক্ষী বিষয়াজনৰ সৈতে আন এগৰাকী যুৱকো আছিল বুলি ব্যক্তিগৰাকীয়ে সংবাদ মাধ্যমক জনায় ৷ কিন্তু মঙলবাৰে নিশা আহি সেই কোঠাত আশ্ৰয় লৈছিল এছ আই চৌধুৰীৰ প্ৰাক্তন প্ৰেয়সীয়ে ৷ তাৰ পাচতেই পুৱালৈ সৃষ্টি হয় এই হুলস্থূলীয়া পৰিবেশৰ (Tense situation in Majuli) ৷