অসম

assam

ETV Bharat / state

মাজুলীত অত‍্যাৱশ‍্যকীয় সেৱাৰ সৈতে ব‍্যক্তিক সম্বৰ্ধনা পাঞ্জাৱ নেচনেল বেংকৰ - majuli

শনিবাৰে মাজুলীৰ বনগাঁওস্থিত পাঞ্জাৱ নেচনেল বেংক শাখাই অত‍্যাৱশ‍্যকীয় সেৱাৰ সৈতে জড়িত ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ উপৰিও ছেনিটাইজেছনৰ সামগ্ৰী বিতৰণ কৰে ।

মাজুলী
মাজুলীত অত‍্যাৱশ‍্যকীয় সেৱাৰ সৈতে ব‍্যক্তিক সম্বৰ্ধনা পাঞ্জাৱ নেচনেল বেংকৰ

By

Published : May 16, 2020, 6:34 PM IST

মাজুলী, ১৬ মে': মাজুলীৰ বনগাঁওস্থিত পাঞ্জাৱ নেচনেল বেংক শাখাৰ পৰা শনিবাৰে সম্বৰ্ধনা জনাই মহামাৰী COVID-19 প্ৰতিৰোধৰ বাবে যুঁজ দিয়া তথা প্ৰত্যক্ষভাৱে জড়িত ব্যক্তিসকলক । লগতে মহামাৰীৰ লগত যুঁজ দিবলৈ কিছুমান অত্যাৱশ্যকীয় সামগ্ৰীও বিতৰণ কৰে বনগাঁও শাখা প্ৰৱণন্ধক,সহকাৰী প্ৰবন্ধক, চিএছপিকে ধৰি অন‍্যান‍্য কৰ্মচাৰীসকলে ।

মাজুলীত অত‍্যাৱশ‍্যকীয় সেৱাৰ সৈতে ব‍্যক্তিক সম্বৰ্ধনা পাঞ্জাৱ নেচনেল বেংকৰ

কাৰ্য্যসূচী অনুসৰি বেংক কতৃপক্ষই স্বাস্থ্য বিভাগৰ বনগাঁও ৰাজ‍্যিক চিকিৎসালয়ৰ অন্তৰ্গত ৰাৱনাপাৰ উপ স্বাস্থ্য কেন্দ্ৰ , শালমৰা উপ স্বাস্থ্য কেন্দ্ৰকে ধৰি প্ৰায় ১০ গৰাকী চিকিৎসা কৰ্মী, ১৫ গৰাকী সংবাদ কৰ্মী, বিদুৎ বিভাগৰ লগত জড়়িত ৫ গৰাকী, বনগাঁও আৰক্ষী চকীৰ প্ৰায় কুৰিজন, গড়কাপ্তানি বিভাগৰ ৫ জন কৰ্মচাৰীকে ধৰি অৰ্ধশতাধিক ব‍্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ছেনিটাইজেচনৰ সামগ্ৰী বিতৰণ কৰে ।

আনহাতে, অনুষ্ঠানত উপস্থিত থাকে প্ৰবন্ধক ভাস্কৰ জ্যোতি বৰা, সহ প্ৰৱন্ধক নৱনিত কুমাৰ নেওগ, গাননিক দিব‍্যজ্যোতি হাতীবৰুৱা । তাৰোপৰি সংবাদ কৰ্মী, স্বাস্থ্য কৰ্মী, আৰক্ষী লোকো বেংক কৰ্তৃপক্ষৰ এই কাৰ্যসূচীক শলাগ জনায় ।

ABOUT THE AUTHOR

...view details