মাজুলী, ১৪ ডিচেম্বৰঃ মাজুলীত বৰপূৰ্বকভাৱে তিনিজন সাধাৰণ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ । আৰক্ষী চকীলৈ মাতি আনি গ্ৰেপ্তাৰ কৰা বুলি গুৰুতৰ অভিযোগ পৰিয়ালৰ ।
মাজুলীত তিনি সাধাৰণ লোকক বলপূৰ্বকভাৱে আৰক্ষীয়ে আটক কৰাকলৈ উত্তপ্ত পৰিস্থিতি - মাজুলী
মাজুলীত অতিৰিক্ত আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ । তিনি গৰাকী সাধাৰণ লোকক গ্ৰপ্তাৰ কৰাৰ গুৰুতৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন জাতীয় সংগঠনৰ লগতে সাধাৰণ ৰাইজে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে । উক্ত প্ৰতিবাদত ইতিমধ্যে ৪ জন লোকৰ মৃত্যু হৈছে । এই পৰিস্থিতিৰ মাজতে মাজুলীত তিনিজন লোকক অতিৰিক্ত আৰক্ষী অধিক্ষকে থানালৈ মাতি আনি গ্ৰেপ্তাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে শংকৰজ্যোতি হাজৰিকা, ফিজু দত্ত, দিনমনি দত্ত। বিজেপি কাৰ্যালয় ভঙাৰ অপৰাধত লোক কেইজনক গ্ৰেপ্তাৰ কৰে বুলি অভিযোগ কৰে আৰক্ষীয়ে । আনহাতে কৰ্তব্যৰত অৱস্থাত থকা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰে বুলি আন এক গুৰুতৰ অভিযোগ উঠিছে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে। অতি শীঘ্ৰে আটকাধীন লোক কেইজনক মুকলি কৰি দিবলৈ আৰক্ষীক দাবী কৰিছে প্ৰতিবাদকাৰী ৰাইজে ।