মাজুলী, 4 আগষ্ট :বুধাবাৰে আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে ভূপেন বৰাই ৷ 2016 চনৰ পৰা ক্ৰমাৎ বিধস্ত হৈ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ভূপেন বৰাই গ্ৰহণ কৰা পাচতে দলটো সম্ভাৱনাময় ভৱিষ্যতৰ নতুন ৰেঙণি দেখিছে জিলাৰ পৰ্যায়ৰ নেতা-কৰ্মীৰ লগতে তৃণমূলৰ কৰ্মীসকলে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিৰ্বাচিত সভাপতি ভূপেন বৰাৰ মংগল কামনা কৰি মাজুলীৰ সত্ৰত বন্তি প্ৰজ্বলন কৰে মাজুলী জিলাৰ কংগ্ৰেছ কমিটীয়ে ৷
বুধাবাৰে মাজুলী জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকলে মাজুলীৰ বহু কেইখন সত্ৰত বন্তি প্ৰজ্বলন কৰি গুৰুজনাৰ চৰণত সেৱা জনায় । অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ নৱনিৰ্বাচিত সভাপতি ভূপেন বৰাৰ সৱল নেতৃত্বত যাতে ৰাজ্যখনলৈ কংগ্ৰেছ দলে এক সুস্থিৰ পৰিবেশ ঘূৰাই আনিব পাৰে তাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰে মাজুলী জিলা কংগ্ৰেছে ৷
APCCৰ সভাপতি ভূপেন বৰাৰ মংগল কামনাৰে মাজুলীৰ সত্ৰত বন্তি প্ৰজ্বলন লগতে পঢ়ক:গাদী ৰক্ষাৰ বাবে যুঁজিব লগা হৈছিল প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি ৰিপুন বৰাই
সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মাজুলী কংগ্ৰেছৰ বিষয়ববীয়া সকলে কয় যে, অসম প্ৰদেশ কংগ্ৰেছৰ এক জটিল সময়ত ৰাজ্যিক সভাপতিৰ দায়িত্ব বহন কৰিছে ভূপেন বৰাই ৷ এক সৱল নেতৃত্ব লাভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ ভূপেন বৰাই নেতৃত্বতে অসম প্ৰদেশ কংগ্ৰেছে শক্তিশালি ৰূপত ঠন ধৰি উঠিব বুলি মন্তব্য প্ৰকাশ কৰে মাজুলী জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকলে ৷
প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন কুমাৰ বৰা আৰু কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, কমলাক্ষ দে' পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰে বুধবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে । এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক বিশাল কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত বিদায়ী সভাপতি ৰিপুন বৰাই নৱনিযুক্ত সভাপতি ভূপেন বৰাক আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পন কৰে ।
লগতে পঢ়ক: নতুন মন্ত্ৰণা লৈ আনুষ্ঠানিকভাৱে APCC ৰ দায়িত্ব ল'লে ভূপেন বৰাই