অসম

assam

By

Published : Jan 3, 2023, 8:03 PM IST

ETV Bharat / state

Majuli Road Condition: এম্বুলেঞ্চৰ সলনি ঘোঁৰাগাড়ীত উঠি চিকিৎসালয়লৈ ৰোগী !

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে একালত প্ৰতিনিধিত্ব কৰা সমষ্টি মাজুলীৰ ময়েঙীয়াত আজিও বিধ্বস্ত পথ যোগাযোগৰ ব্যৱস্থা (poor road condition in Majuli) । এম্বুলেঞ্চৰ সলনি ঘোঁৰাগাড়ীত উঠাই ৰোগীক নিলে চিকিৎসালয়লৈ ।

Majuli Road Condition
Majuli

এম্বুলেঞ্চৰ সলনি ঘোঁৰাগাড়ীত উঠি চিকিৎসালয়লৈ ৰোগী !

মাজুলী, ৩ জানুৱাৰী : বিজেপি চৰকাৰৰ কাৰ্যকালতো মাজুলীত বিধ্বস্ত যাতায়াত ব্যৱস্থা (poor road condition in Majuli) । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ একালৰ গৃহ সমষ্টি তথা এতিয়াৰ বিজেপিৰ বিধায়ক ভূৱন গামৰ সমষ্টি মাজুলীত এতিয়াও বিধ্বস্ত ৰাস্তা-ঘাট (former CM Sarbananda Sonowal) । যাৰ বাবে এম্বুলেঞ্চৰ সলনি ঘোঁৰাগাড়ীৰে ৰোগীক চিকিৎসালয়লৈ লৈ যোৱাৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে (patient carrying to hospital by horsecart in Majuli) ।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এসময়ত প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি মাজুলীৰ অতি ভিতৰুৱা পিছপৰা অঞ্চল উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত লোহিতপৰীয়া গাঁও পঞ্চায়তৰ পাঁচ নম্বৰ ৱাৰ্ডৰ ময়েঙীয়া গাঁও । উক্ত গাঁওখনতে মঙলবাৰে পুৱা সাধাৰণ বয়-বস্তু লৈ যোৱাৰ দৰে ৰোগীকো ঘোঁৰাগাড়ীত উঠাই নিয়া এক কৰুণ দৃশ্য প্ৰতিফলিত হয় । অৱশ্যে এই দৃশ্যই চৰকাৰৰ বৰমূৰীয়াসকলৰ হৃদয় গলাব নোৱাৰিলেও সাধাৰণ লোকক হতবাক কৰি তুলিছে ।

নয়াবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ময়েঙীয়া গাঁও নিবাসী টুকেশ্বৰ পায়েঙৰ পত্নী ৰয়মতী পায়েঙৰ যোৱা দুদিন ধৰি অতিৰিক্তভাৱে ৰক্তপাত চলি থকাৰ ফলত স্বাস্থ্য শোচনীয় হৈ পৰে । যাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ বাবে টুকেশ্বৰ পায়েঙৰ পৰিয়াল তৎপৰ হৈ পৰে যদিও বিধ্বস্ত পথৰ পৰিপ্ৰেক্ষিতত বিমোৰত পৰে । উপায়ন্তৰ হৈ গাঁওখনৰে এজন লোকৰ পৰা এখন ঘোঁৰাগাড়ীৰ ব্যৱস্থা কৰি জড় পদাৰ্থৰ দৰে ৰয়মতী পায়েঙক তাত উঠাই ঠেলি লৈ যোৱা হয় প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ বিধ্বস্ত পথত ।

ইয়াৰ পিছত এখন এম্বুলেঞ্চৰে নি গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা কৰোৱা হয় । সাধাৰণ জীৱ-জন্তুৰ দৰে মানুহকো এনেদৰে ঘোঁৰাগাড়ীৰে টানি নিয়া এক মৰ্মান্তিক দৃশ্যই সাধাৰণ লোকৰ মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে । এক কথাত ক'বলৈ গ'লে এয়াই হৈছে বৰ্তমান মাজুলীৰ যাতায়াত ব্যৱস্থাৰ নগ্ন ছবি । আনহাতে, মাজুলীৰ যাতায়াত ব্যৱস্থা তথা স্বাস্থ্য খণ্ডৰ কথা কৈ ওৰকে পেলাব নোৱাৰি । উল্লেখ্য যে লোহিতপৰীয়া গাঁও পঞ্চায়তৰ ময়েঙীয়া গাঁৱৰ সোমাজত অৱস্থিত বেছামৰা-টেকেলিফুটা মথাউৰিটো ভগা ।

এই মথাউৰিটো ১৯৭৭ চনত হোৱা প্ৰলয়ংকৰী বান-খহনীয়াত বিধ্বস্ত হৈ পৰিছিল । ইয়াৰ পৰৱৰ্তী সময়ত মথাউৰিটো ব্ৰহ্মপুত্ৰৰ পৰা মাজুলী অংশলৈ চপাই আনি নিৰ্মাণ কৰাৰ ফলত বৰ্তমানৰ মথাউৰিটোৰ বাহিৰ অংশত অৱস্থিত এটি ভগ্নাংশ মথাউৰিৰ কাষতে অৱস্থান কৰি আছে এই ময়েঙীয়া গাঁওখন । এই মথাউৰিৰ পৰা ময়েঙীয়া গাঁৱলৈ দূৰত্ব প্ৰায় বাৰশ মিটাৰ । এই বাৰশ মিটাৰ দৈৰ্ঘ্যৰ মাজত ব্ৰহ্মপুত্ৰৰ এটি এৰাসুঁতি আছে । এই এৰাসুঁতিৰ ওপৰত নিৰ্মাণ হোৱা বাঁহৰ দলঙেদি দুৰ্বিষহ যাতায়াত কৰি আহিছে ৰাইজে ।

মাজে সময়ে সংশ্লিষ্ট গাঁও পঞ্চায়ত লোহিতপৰীয়া, জিলা পৰিষদে বাঁহৰ দলং নিৰ্মাণ কৰিলেও এই বাঁহৰ দলঙত বিভিন্ন সময়ত ভয়াৱহ দুৰ্ঘটনাৰ সন্মুখীন হৈ আহিছে গাঁওবাসী । জনস্বাৰ্থৰ খাতিৰত পকী দলং নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে ময়েঙীয়া গাঁওবাসীয়ে । কিন্তু এই পৰ্যন্ত একো ফল ধৰা নাই । সেয়েহে এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰৰ ওচৰত বিষয়টো দৃষ্টিগোচৰ কৰিছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক :Minister Ashok Singhal: দীপৰ বিলৰ ডাম্পিং গ্ৰ‍াউণ্ডত ১৭০ কোটি টকীয়া অত্যাধুনিক পাৰ্ক

ABOUT THE AUTHOR

...view details