মাজুলী,26 জানুৱাৰীঃমাজুলীৰ সত্রীয়া সংস্কৃতিৰ সাধক গোপীৰাম বুঢ়াভকতলৈ পদ্মশ্ৰী সন্মান প্ৰদান ৷মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ গুণী অধ্যাপক বৰবায়ন, বৰ ওজা, নামলগোৱা, শ্রী গোপীৰাম বুঢ়াভকত । বৰ্তমান তেওঁৰ বয়স 97 বছৰ । ১৮ খন অসমীয়া ভাওঁনাৰ নাটকৰ গীত, ১২ খন অংকীয়া নাটকৰ গীত, ১২ টা পালৰ ওজাপালি, শংকৰদেৱ মাধৱদেৱৰ লগতে ১২ জন আতাৰ চৰিত্র পুথি সকলো জিভাৰ আগত । মেলা ৰাগ ৩৪ টা বন্ধাৰাগ ৩৬ টা অনায়াসে গাব পাৰে তেওঁ । এইগৰাকী মহান সত্ৰীয়া শিল্পী লৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এই বেলি পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে । এইজন নীৰৱ সাৱক গুণী শিল্পীয়ে এনে সন্মান পোৱাত উচ্ছাহ- উদ্দীপনা বৃদ্ধি পোৱা দেখা গৈছে বৈষ্ণৱ ভক্ত সকলৰ মাজত ।
মাজুলীৰ সত্রীয়া সংস্কৃতিৰ সাধক গোপীৰাম বুঢ়াভকতলৈ পদ্মশ্ৰী সন্মান - উচ্ছাহ- উদ্দীপনা
বৰ্তমান তেওঁৰ বয়স 97 বছৰ । ১৮ খন অসমীয়া ভাওঁনাৰ নাটকৰ গীত, ১২ খন অংকীয়া নাটকৰ গীত, ১২ টা পালৰ ওজাপালি, শংকৰদেৱ মাধৱদেৱৰ লগতে ১২ জন আতাৰ চৰিত্র পুথি সকলো জিভাৰ আগত । মেলা ৰাগ ৩৪ টা বন্ধাৰাগ ৩৬ টা অনায়াসে গাব পাৰে তেওঁ । এইগৰাকী মহান সত্ৰীয়া শিল্পী লৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এই বেলি পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে ।
উল্লেখযোগ্য যে, সত্ৰীয়া সংস্কৃতিৰ উদাসীন পৰম্পৰাত প্রথম গৰাকী শিল্পী যি জনে পদ্মশ্ৰী সন্মান লাভ কৰিছে । সকলো গুণৰে অধিকাৰী এইজনা বুঢ়াভকতে ভাস্কৰ্য শিল্প গুৰু আসন, নামঘৰৰ বাটচৰাৰ বিভিন্ন মূৰ্তি নিৰ্মাণ কৰিব পাৰে । ৯৭ বছৰ বয়সতো সত্ৰীয়া নৃত্য বৰগীত ওজাপালি শিক্ষা দান কৰি আছে বৈষ্ণৱ সকলক । এতিয়াও সুন্দৰ হৈ আছে তেওঁৰ কন্ঠ। অসাধাৰণ পাণ্ডিত্যৰ অধিকাৰী এইগৰাকী বুঢ়াভকতে আজীৱন ব্ৰক্ষ্মচাৰী ব্রত পালন কৰি উত্তৰ কমলাবাৰী সত্ৰত ১৯৮৩ চনৰ পৰাই বুঢ়া ভকত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ গুণী অধ্যাপক বৰবায়ন, বৰ ওজা, নামলগোৱা, শ্রী গোপীৰাম বুঢ়া ভকত ।
লগতে পঢ়কঃ অসম প্ৰকাশন পৰিষদৰ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান