অসম

assam

COVID-১৯ৰ পৰা পৰিত্ৰাণ বিচাৰি মাজুলীত মহা পালনাম আৰু ভাওনা

By

Published : Feb 16, 2021, 3:36 PM IST

হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰ । COVID-১৯ মহামাৰীৰ কু-প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ আৰু বিশ্বশান্তি কামনাৰে মাজুলীৰ অভয়পুৰীয়া গাঁৱৰ শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰত অনুষ্ঠিত কৰা হ'ল মহা পালনাম আৰু ভাওনা ।

শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰত অনুষ্ঠিত কৰা হ'ল মহা পালনাম আৰু ভাওনা
শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰত অনুষ্ঠিত কৰা হ'ল মহা পালনাম আৰু ভাওনা

মাজুলী, ১৬ ফেব্ৰুৱাৰী: ২০১৯ চনত চীনৰ য়ুহান চহৰত আৰম্ভ হোৱা COVID-১৯ মহামাৰীৰ সংহাৰ আজি পৰ্যন্ত সমগ্ৰ বিশ্বতে অব্যাহত আছে । লাখ লাখ লোকে মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাবলগীয়া হৈছে । বহু অপেক্ষাৰ অন্তত COVID-১৯ৰ প্ৰতিষেধক উপলব্ধ হৈছে যদিও সমান্তৰালকৈ মহামাৰীৰ সংক্ৰমণো অব্যাহত আছে । সেয়ে, এই কালৰূপী মহামাৰীৰ গ্ৰাসৰ পৰা মানৱ জাতিক ৰক্ষা কৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই মাজুলীত অনুষ্ঠিত কৰা হ'ল মহা পালনাম আৰু ভাওনা ।

মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰ আৰু অভয়পুৰীয়া গাঁৱৰ উদ্যোগত দিনৰ ভাগত মহা পালনাম অনুষ্ঠিত কৰে আৰু নিশা গাঁৱৰ যুৱকসকলে 'গান্ধাৰী অভিশাপ' নামৰ ভাওনা প্ৰদৰ্শন কৰে । এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই আধ্যাত্মিক অনুষ্ঠানটিত গাঁৱৰ ৰাইজৰ লগতে সত্ৰৰ বৈষ্ণৱসকলেও অংশগ্ৰহণ কৰে । ভাওনাস্থলীৰ পৰা মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ ভক্তপ্ৰাণ ৰাইজে ভগৱনাক প্ৰাৰ্থনা জনায় আৰু বিশ্বশান্তি কামনা কৰে ।


লগতে পঢ়ক:সাংবাদিকৰ সৈতে মত-বিনিময় ধেমাজি প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details