অসম

assam

By

Published : Sep 27, 2021, 8:28 PM IST

ETV Bharat / state

মুকলি হ'ল যোৰহাট-মাজুলীৰ ফেৰী সেৱাৰ অনলাইন টিকট ব্যৱস্থা

মাজুলীবাসীৰ লগতে মাজুলীৰ পৰ্যটক সকলৰ বাবে এটা ভাল খবৰ ৷ এতিয়াৰ পৰা যোৰহাট-মাজুলীৰ ফেৰী যাত্ৰী সকলে লাভ কৰিব ই টিকেট ৷

Online ticketing system
মুকলি হ'ল যোৰহাট-মাজুলীৰ ফেৰী সেৱাৰ অনলাইন টিকট ব্যৱস্থা

মাজুলী, 27 ছেপ্টেম্বৰ : সত্ৰনগৰী মাজুলীবাসীৰ লগতে মাজুলীৰ পৰ্যটক সকলৰ বাবে এটা ভাল খবৰ ৷ যোৰহাট-মাজুলীৰ ফেৰী যাত্ৰী সকলে এতিয়াৰ পৰা লাভ কৰিব ই টিকেটিং ব্যৱস্থা ৷ সোমাবাৰে খানাপাৰা ষ্টাফ কলেজত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে যোৰহাট-মাজুলীৰ ফেৰী সেৱাৰ অনলাইন টিকেটিং ব্যৱস্থা ৷

এই ব্যৱস্থা যোগেদি এতিয়াৰ পাৰ ফেৰী যাত্ৰী সকলে অনলাইন যোগে বুকিং কৰিব পাৰিব টিকট ৷ ৱেবচাইট http://asiwt.in/ অথবা এপৰ জৰিয়তে যোৰহাট-মাজুলীৰ ফেৰী যাত্ৰী সকলে লাভ কৰিব অনলাইন টিকট ৷ যাত্ৰী সকলে পাৰাপাৰ হ'বলৈ টিকটৰ বাবে যি হাৰাশাস্তিৰ সন্মুখীন হৈছিল সেইয়া কিছু পৰিমাণে হ'লেও এই ব্যৱস্থাই লাঘৱ কৰিব বুলি আশা প্ৰকাশ কৰিছে মাজুলীবাসীয়ে ৷

লগতে পঢ়ক:আনুষ্ঠানিকভাৱে ৰাজ্যসভালৈ নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল

ইফালে, এই অনলাইন টিকট ব্যৱস্থাই মাজুলীৰ পৰ্যটনৰ ক্ষেত্ৰতো অধিক গুৰুত্ব লাভ কৰিব বুলি ভৱা হৈছে ৷ বছৰৰ 12 মাহে দেশী-বিদেশীৰ পৰ্যটকে ভিৰ কৰে সত্ৰনগৰী মাজুলীত ৷ সময় অনুযায়ী ফেৰী টিকট বুকিং কৰাৰ ক্ষেত্ৰত এই অনলাইন ব্যৱস্থাৰ জৰিয়তে পৰ্যটক সকলে সুবিধা লাভ কৰিব ৷

৮ ছেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ পাচতে মুখ্যমন্ত্ৰী গৰাকীয়ে অনলাইন টিকট সংগ্ৰহৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছিল ৷ সেই ঘোষণা সোমবাৰে আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে মুকলি কৰা যোৰহাট-মাজুলীৰ অনলাইন টীকট ব্যৱস্থাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে মাজুলীবাসীয়ে ৷

লগতে পঢ়ক:বিপদজনক: বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান বাইহাটা চাৰিআলি উপ-সংমণ্ডলৰ

ABOUT THE AUTHOR

...view details