মাজুলী, 24 নৱেম্বৰ:বৈষ্ণব ধৰ্মৰ প্ৰতি আকৃষ্ট এগৰাকী বিদেশী পৰ্যটক ৷ মাজুলীৰ গোপালপুৰৰ জাহ্নু বৰুৱা নামৰ ব্যক্তিজনৰ বাসগৃহত অনুষ্ঠিত নাম-প্ৰসংগত ভাগ লৈছে পৰ্যটকগৰাকীয়ে ৷ পিন্ধনত ধূতি, কুৰ্তা আৰু ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা লৈ ভকতৰ সাজত চাপৰি বজাই হৰি নাম লৈছে সুদূৰ জাৰ্মানীৰ পৰা অহা প্ৰিটৰ মিলাৰে।
দৰাচলতে, জাহ্নু বৰুৱাৰ ককাদেউতাক তথা গোপালপুৰৰ মহেশ্বৰ লেণ্ডৰ স্বত্বাধিকাৰ মহেশ্বৰ বৰুৱাৰ দেওবাৰে বছৰেকীয়া শ্ৰাদ্ধ ৷ সেয়ে জাহ্নু বৰুৱাৰ ঘৰত আয়োজন কৰা হয় নাম-প্ৰসংগৰ ৷ এই অনুষ্ঠানতে ভাগ লৈছে অসমীয়া শংকৰী সংস্কৃতিৰ অনুৰাগী জাৰ্মানীৰ প্ৰিটৰ মোলাৰে ৷ কেৱল সেয়াই নহয়, প্ৰসংগত নিজৰ মৃত পিতৃ-মাতৃৰ আত্মাৰ শান্তি বিছাৰি ভকতৰ আগত আঠু লয় পৰ্যটকগৰাকীয়ে৷