মাজুলী, 4 আগষ্ট : অ’ চৰকাৰে শুনিছেনে ? এগৰাকী দুৰ্ভগীয়া আইতাৰ বিননি ৷ এটি উৱলি যোৱা পঁজা, এজাক বতাহতেই ঘৰ ভাগি পৰো পৰো অৱস্থা ৷ জীৱনৰ বিয়লি বেলাত চকুৰ পানীৰে বাট নেদেখা হৈছে এগৰাকী আইতাই ৷ উৱলি যোৱা পঁজাটোৰ বাবেই আইতাৰ চকুত চকুলো ৷
আজি আমি আপোনালোকক ক’বলৈ লৈছো উজনি মাজুলী উন্নয়ন খণ্ডৰ অধীনৰ শ্ৰীৰাম গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ ভকতি দুৱাৰ গাঁৱৰ জুনু শইকীয়া নামৰ এইগৰাকী আইতাৰ কথা ।
কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰ, বিভিন্ন সময়ত দৰিদ্ৰ লোকৰ হকে আঁচনি ঘোষণা কৰে কিন্তু প্ৰকৃতপক্ষে আজিও যেন সেই আঁচনি কাগজে-কলমেহে আছে কিছুমান দুৰ্ভগীয়া লোকৰ বাবে ৷ উজনি মাজুলী উন্নয়ন খণ্ডৰ অধীনৰ শ্ৰীৰাম গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ ভকতি দুৱাৰ গাঁৱৰ জুনু শইকীয়া নামৰ 60 ৰ উৰ্ধ্বৰ মহিলাগৰাকীৰ নামতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটি চৰকাৰী গৃহ আৱণ্টন হৈছিল ৷ যদিও কাগজে কলমৰ বাহিৰে আজিলৈ আইতাগৰাকীয়ে লাভ নকৰিলে গৃহটো ৷