মাজুলী, 12 অক্টোবৰ:অসমীয়াত এষাৰ প্ৰৱচন প্ৰায়েই শুনিবলৈ পোৱা যায় যে, অসমীয়াৰ আবেগ আৰু ধান খেৰৰ জুই একেই ৷ ভমককৈ জ্বলে আৰু নিমিষতে নুমাই ছাঁই হয় ৷ কথাষাৰ যেন গোটেই মিছা নহয় ৷ মাজুলীৰ তেজস্বিতাৰ ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিলে এই কথা (Tejaswita Baruah death) ৷ কিশোৰীগৰাকীৰ মৃত্যুৰ লগে লগেই ক্ষোভত ফাটি পৰা অসমীয়া আজি নিমাত ৷ সাক্ষী দিবলৈ নোলাল কোনো এজন লোক (Public testimony on Tejaswita Baruah death) ৷
যোৱা 5 অক্টোবৰত ৰাজ্যৰ সকলোতে উদযাপন হৈছিল মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱ (Birth ceremony of Sankardeva)। নদী দ্বীপ মাজুলীও ইয়াৰ ব্যতিক্ৰম নাছিল ৷ এই শংকৰ জন্ম জয়ন্তীত গাঁৱৰ নামঘৰত বৰগীত গাবলৈ বুলি গৈছিল মাজুলীৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতা বৰুৱা । কিন্তু অনুষ্ঠান পৰিবেশনৰ মাজতে নামঘৰতেই অসুস্থ হৈ পৰিছিল কণ্ঠশিল্পী তেজস্বিতা ৷ পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ততাতৈয়াকৈ মাজুলী জিলা চিকিৎসালয়লৈ লৈ গৈছিল কণ্ঠশিল্পীগৰাকীক (Tejaswita Baruah of Majuli) ।
লগতে পঢ়ক:তেজস্বিতাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ
কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে গড়মূৰ জিলা অসামৰিক চিকিৎসালয়তে মৃত্যু হয় তেজস্বিতাৰ (Junior artist Tejaswita Baruah death)। চিকিৎসালয়খনত তেজস্বিতাৰ মৃত্যু অক্সিজেনৰ অভাৱত হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছিল । পৰিয়াল তথা স্থানীয় ৰাইজে কৈছিল অক্সিজেনৰ অভাৱত চিকিৎসালয়ৰ বিচনাত চটফটাই থাকি অৱশেষত এই পৃথিৱীৰ পৰা বিদায় মাগে কণ্ঠশিল্পীগৰাকীয়ে ।
তাৰ পাচতেই ৰাজ্যজুৰি চৰ্চা হয় বিষয়টো ৷ চিকিৎসা খণ্ডৰ ফোঁপোলা স্বৰূপটোক লৈ বিভিন্নজনে সমালোচনা কৰা দেখা যায় ৷ বিৰোধী দলসমূহেও এই ঘটনাক লৈ সমালোচনাৰে থকা-সৰকা কৰে চৰকাৰক ৷ অৱশেষত গড়মূৰ জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষকজনক নিলম্বন কৰাৰ লগতে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে চৰকাৰে ৷ ঘোষণা কৰা হয় দণ্ডাধীশ পৰ্যায়ৰ তদন্ত (Probe on Tejaswita Baruah death)৷