অসম

assam

By

Published : Jun 23, 2022, 6:34 PM IST

ETV Bharat / state

বানে বিধ্বস্ত কৰা মাজুলীত ৰোগীৰ চিকিৎসাৰ বাবে নাই চিকিৎসক !

মাজুলীৰ চিকিৎসালয়ত অৰাজকতা ৷ এমাহ নহওঁতেই অন্তৰ্ধান চিকিৎসক ৷ ৰোগীৰ মাজত হাহাকাৰ (No doctors to treat patients in flood-ravaged Majuli) ৷

Doctor missing from Dakhinpat State Dispensary in Majuli
মাজুলীত বান বিধস্ত অঞ্চলত চিকিৎসাৰ বাবে নাই চিকিৎসক

মাজুলী, 23 জুন: 1952 চনতে প্ৰতিষ্ঠা হোৱা দক্ষিণপাট ৰাজ্যিক চিকিৎসালয়খন বৃহত্তৰ দক্ষিণপাট অঞ্চলৰ একমাত্ৰ মানৱ সেৱা প্ৰতিষ্ঠান (Dakhinpat State Dispensary in Majuli) ৷ পিছে এইপৰ্যন্ত চিকিৎসালয়খনত চিকিৎসকৰ অভাৱত প্ৰায় 15 খনতকৈ অধিক গাঁৱৰ দহ হাজাৰোধিক লোকৰ মাজত সম্প্ৰতি হাহাকৰসৃদশ পৰিৱেশৰ সৃষ্টি হৈছে ৷

কিছুদিন পূৰ্বে সুৰভি ঠাকুৰীয়া নামৰ এগৰাকী চিকিৎসকক নিযুক্তি দিয়া হৈছিল যদিও বিগত 14 জুনৰ পৰা এই মহিলা চিকিৎসকগৰাকী অন্তৰ্ধান হোৱাত অঞ্চলকেইটাৰ ৰোগীসকলে যমৰ যাতনা ভুগিব লগা হৈছে ৷ ইফালে অঞ্চলটোত বানৰ পৰিস্থিতি কিছু উন্নত হোৱাৰ ফলত অঞ্চলকেইটাৰ লোকসকল বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে ৷ এনে সময়ত চিকিৎসালয়খনৰ একমাত্ৰ চিকিৎসকগৰাকী নাইকিয়া হোৱাত সকলোকে চিন্তিত কৰি তুলিছে (No doctors to treat patients in flood-ravaged Majuli) ৷

মাজুলীত বান বিধস্ত অঞ্চলত চিকিৎসাৰ বাবে নাই চিকিৎসক

আনহাতে, চিকিৎসকগৰাকীৰ অনুপস্থিতিত এগৰাকী নাৰ্ছ আৰু ফাৰ্মাচিষ্টে ৰোগীসকলক চোৱা-চিতা কৰি আহিছে ৷ ৰাইজে এই বিষয়ে বিভাগৰ শীৰ্ষ বিষয়াক বাৰাম্বাৰ অৱগত কৰাৰ পিছতো এই পৰ্যন্ত কোনো ধৰণৰ সহাঁৰি পাবলৈ সক্ষম নহ’ল ৷ তেনেস্থলত চিকিৎসালয়খনত স্থায়ী চিকিৎসক নিযুক্তি দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, বিগত মে’ মাহত দক্ষিণপাট ৰাজ্যিক চিকিৎসালয়ত যোগদান কৰা ডাঃ সুৰভি ঠাকুৰীয়াক কৰ্তব্যত গাফিলতি কৰাৰ বাবেই কমলাবাৰী অসামৰিক চিকিৎসালয়ৰ পৰা দক্ষিণ পাট ৰাজ্যিক চিকিৎসালয়লৈ বদলি কৰা হৈছিল ।

লগতে পঢ়ক:বিধায়ক কিনা বেচাৰ বিৰুদ্ধে ৰেডিশ্বন ব্লুৰ সম্মুখত এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details