অসম

assam

ETV Bharat / state

মাজুলীৰ কণমানি নীহাৰিকাৰ বিশ্বমুখী যাত্ৰা - ATHELETE

৭ বছৰীয়া নীহাৰিকাৰ সমৰকলাত বিশ্ব জয়ৰ প্ৰয়াস ৷ প্ৰস্তুতি সম্পূৰ্ণ কৰিও থমকি ৰয়ছে আৰ্থিক দৈন্যতাৰ বাবে । সম্ভৱ হ'বনে নীহাৰিকাৰ মালয়েছিয়া ভ্ৰমণ?

মাজুলীৰ কণমানি নীহাৰিকাৰ বিশ্বমুখি যাত্ৰা

By

Published : Jul 31, 2019, 9:14 PM IST

মাজুলী, 31 জুলাই: মুখ্যমন্ত্ৰী সমষ্টিৰ নীহাৰিকা, মাজুলীৰ এইগৰাকী কনমানি লৈ গৌৰৱান্বিত সকলো । মালয়েছিয়াত আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগীতাত অংশ গ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে তেঁও । আৰ্থিক দৈনতাৰ বাবে নিশ্চিত নহয় অংশগ্ৰহণ কৰাতো ।

মাজুলীৰ কণমানি নীহাৰিকাৰ বিশ্বমুখি যাত্ৰা
মুখ্যমন্ত্ৰী সমষ্টি মাজুলী অতি পিচপৰা অঞ্চল নয়াবজাৰ । এই নয়াবজাৰ অঞ্চলৰ কলেজ কলনিৰ এগৰাকী কনমানি নিহাৰিকা শইকীয়া অসমৰ পৰা একমাত্ৰ খেলুৱৈ নিৰ্বাচিত হৈছে আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে । ১৬ কেজিৰ পৰা ২০ কেজি ওজনৰ নিম্নশাখাৰ সমৰকলা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা লৈ অসমৰ পৰা নিৰ্বাচিত হোৱাত মাজুলীবাসী উফ্লুলিত আৰু গৌৰৱান্বিত হৈছে । ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব নিহাৰিকা শইকীয়াই । দুলাল শইকীয়া আৰু জোনটি শইকীয়াৰ কণ্যা নিহাৰিকাই ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত সোনৰ পদক, উত্তৰ পূৱাঞ্চলৰ ভিতৰত সোনৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত মধ্যপ্ৰদেশত অনুষ্ঠিত প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিছে ।
মাজুলীৰ কণমানি নীহাৰিকাৰ বিশ্বমুখি যাত্ৰা
৭ বছৰীয়া নিহাৰিকাই যোৱা দুটা বছৰ এই সমৰকলা খেলৰ প্ৰশিক্ষণ গ্ৰহন কৰিছে । কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেললৈ নিৰ্বাচিত হোৱাৰ পাছতো পৰিয়ালটো থমকি ৰ'ৱ লগা হৈছে আৰ্থিক দৈনতাৰ বাবে । অতি দৰিদ্ৰ পিতৃ দুলালে সৰু দোকান এখন দি পৰিয়াল পোহপাল দিছে । তেওঁ নিহাৰিকাক মালয়েছিয়ালৈ নিবলৈ অসমৰ্থ কাৰণ ২ পৰা ২.৫০ লাখ টকাৰ প্ৰয়োজন হৈছে নিহাৰিকাক । ২৬ আগষ্টত মালয়েছিয়াত খেলত অংশ লৱ লাগে কিন্তু যোৱাতো নিশ্চিত নহয় এতিয়াও । অসমৰ পৰা একমাত্ৰ নিৰ্বাচিত নিহাৰিকাই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পোৱাৰ পাছতো এতিয়া আৰ্থিক ভাৱে হেঙাৰ হৈছে । মাজুলীৰ উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰীলৈ আবেদন নিবেদন কৰিও কোনো ফল পোৱা নাই দৰিদ্ৰ পিতৃয়ে । বিয়াগোম ক্ৰীয়া বিভাগৰ নাই কোনো খবৰ ৷ পুনৰ ইটিভি ভাৰতৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আহ্বান দৰিদ্ৰ পিতৃৰ । সহায় কৰক নতুবা অকালতে মৰহিব এতি প্ৰতিভা । দল সংগঠন ক্ৰীয়া সংগঠন সদাশয় ব্যক্তিলৈ আহ্বান পিতৃৰ । শুনিবনে মুখ্যমন্ত্ৰীৰ লগতে ক্ৰীয়া বিভাগে এই আহ্বান নে আৰ্থিক দৈনতাই অভিশাপ হৱ পৰিয়ালটোৰ বাবে?
মাজুলীৰ কণমানি নীহাৰিকাৰ বিশ্বমুখি যাত্ৰা

ABOUT THE AUTHOR

...view details